উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থী দিব এনপিপিয়ে

উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থী দিব এনপিপিয়ে

দেওবাৰে নতুন দিল্লীত দেশৰ নিৰ্বাচন আয়োগে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ক্ৰমাৎ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত। দেশৰ প্ৰত্যেকটো ৰাজনৈতিক দল এতিয়া ব্যস্ত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত। ব্যতিক্ৰম নহয় প্ৰথমবাৰৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা "নেচনেল পিপ'লছ পাৰ্টী" চমুকৈ এনপিপিও। আজি এই সন্দৰ্ভত এনপিপিৰ অসম প্ৰদেশৰ নেতৃবৰ্গই গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত এনপিপিৰ অসম প্ৰদেশৰ আহ্বায়ক দিলীপ বৰাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ২৫খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ উপৰি তেওঁ কয় যে এনপিপি দলে আগন্তুক লোকসভা নিৰ্বাচনত কাৰো সৈতে মিত্ৰতা নকৰে। 

আনহাতে, এই সংবাদমেলতে এনপিপিৰ অসম প্ৰদেশৰ আহ্বায়ক দিলীপ বৰাই অসম সন্দৰ্ভত কয় যে অসমৰ ১৪টা লোকসভা সমষ্টিতে দলে প্ৰাৰ্থী থিয় কৰাব। এইবাৰ তেওঁলোকে অসমৰ মুঠ ১৪খন আসনৰ ৫খন আসন দখল কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰি উক্ত সংবাদমেলত বৰাই এনপিপিৰ অসমৰ প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত জানিবলৈ দিয়ে যে বৰ্তমান বিচাৰ-বিবেচনাত আছে চূড়ান্ত প্ৰাৰ্থী তালিকা। অহা ২২ অথবা ২৩ মাৰ্চত অসমৰ ১৪খন আসনৰ বাবে ঘোষণা কৰিব চূড়ান্ত প্ৰাৰ্থী তালিকা। 


ইফালে আজি এই সংবাদমেলতে বৰাক সাংবাদিকে প্ৰশ্ন কৰে যে লোকসভা নিৰ্বাচনত তেওঁলোকৰ মূল লক্ষ্য তথা প্ৰতিশ্ৰুতি কি হ'ব। সেই সন্দৰ্ভত তেওঁ জানিবলৈ দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তেওঁলোকে সদায় বিৰোধিতা কৰাৰ লগতে দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ঐক্যবদ্ধ কৰি ঔদ্যোগিক উন্নয়নৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি তেওঁ উল্লেখ কৰে যে নৱ-প্ৰজন্মৰ বাবে দক্ষতা বিকাশ, নিবনুৱা সমস্যা সমাধানত তেওঁলোক সদায় দায়বদ্ধ। উল্লেখ্য যে আজিৰ এই সংবাদমেলত দলটোৰ অসম প্ৰদেশৰ ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে।

Your Comments