ডঃ শৰ্মা ডাঙৰীয়াৰ মুছলমানক তুষ্টিকৰণ আৰু তিৰস্কাৰ

ডঃ শৰ্মা ডাঙৰীয়াৰ মুছলমানক তুষ্টিকৰণ আৰু তিৰস্কাৰ

ডঃ শৰ্মা ডাঙৰীয়াই অসম চুক্তি ৰূপায়ণ মন্ত্ৰীকে ধৰি প্ৰায় ২৫ বছৰতকৈ অধিক কাল কংগ্ৰেছত আছিল। সেই সময়ছোৱাত 'মুছলমানক তুষ্টিকৰণেৰে' কিমান ভাষণ দিছিল কোনেও পাহৰি যোৱা নাই বা আজিকালি সুলভভাৱে পোৱা ভিডিঅ'বোৰ তাৰ প্ৰমাণ। 

সেই সময়ছোৱাত বিজেপিক অতি দৃষ্টিকটুভাৱে সাম্প্ৰদায়িক আদি বিভূষণ দি কংগ্ৰেছৰ নয়নমণি হৈ প্ৰতাপী হৈ পৰিছিল। মানুহে পাহৰা নাই।

 এতিয়া তেওঁ সঁচাকৈ প্ৰমাণ কৰি দিছে বিজেপি অতি সাম্প্ৰদায়িক। আৰু মুছলমানক তিৰস্কাৰ আৰু সাম্প্ৰদায়িক বিভাজন নকৰিলে বিজেপিয়ে অসমত বৈতৰণী পাৰ হ'ব নোৱাৰে। তেওঁ ভালকৈ জানে। 

মুছলমানক তিৰস্কাৰ আৰু সাম্প্ৰদায়িক বীজ সোমুৱাই এতিয়া তেওঁ বিজেপিৰ নয়নমণি। তেওঁ স্বজাতিতকৈ দল, গাদী বা ক্ষমতা ভালপায়, তাৰ প্ৰমাণ ২৫ বছৰে মুছলমানক কৰা তুষ্টিকৰণ আৰু আঢ়ৈ বছৰে মুছলমানক কৰি থকা তিৰস্কাৰ। 

কেতিয়াবা ভাবোঁ, কোনজন আচলতে তেওঁ? এই কাৰণে তেওঁৰ কিছুমান কথা আমোদ পালেও বিশ্বাস কৰা নাযায়। গতিকে তেওঁ মুছলমানক কৰা তিৰস্কাৰ আৰু তুষ্টিকৰণৰ যে কোনো মূল্য নাই মানুহে ভালদৰে বুজিছে। 

সেয়ে কওঁ, তিৰস্কাৰ কৰিলেও আপোনালোক সাম্প্ৰদায়িক হৈ নপৰিব আৰু তুষ্টিকৰণ কৰিলেও আনন্দত বিগলিত নহ'ব। 

Your Comments