অগপৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱস পালন

অগপৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱস পালন

ৰাজ্য ভিন্নৰ প্ৰান্তৰ লগতে আজি অসম গণ পৰিষদৰ মুখ্য কাৰ্যলয়তো উদ্‌যাপন কৰা হয় ছহিদ দিৱস ।

৮৫৫জন ছহিদৰ কেঁচা তেজৰ বিনিময়ত জন্ম হোৱা অসম গণ পৰিষদৰ ছহিদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ ভালেকেইজন জ্যেষ্ঠ  নেতা ।

অগপৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱস পালন

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী কেশৱ মহন্ত, কবিন্দ্ৰ ডেকা, সত্যব্ৰত কলিতা, কমলা কলিতা প্ৰমুখ্যে দলটোৰ ভালেসংখ্যক কর্মী এই অনুষ্ঠানত উপস্থিত থাকে ।

অগপৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱস পালন

ইয়াৰ উপৰি অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ প্ৰমুখ্যে কেইবাটাও ছহিদ পৰিয়ালৰ সদস্যও উপস্থিত থাকে ।

https://www.newsasn.com/node/3604

এই ছহিদ দিৱসৰ কাৰ্যসূচীত ছহিদ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হয় ।

অগপৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱস পালন

ছহিদসকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলনেৰে এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয় ৷

অগপৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱস পালন

মুখ্য কাৰ্যলয়ত দলীয় পতাকা উত্তোলন কৰে দলটোৰ বিধায়ক কবিন্দ্ৰ ডেকাই ।

Your Comments