জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত চলচ্চিত্ৰ মহোৎসৱ

ে

শুক্ৰবাৰৰ পৰা গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ১১ সংখ্যক আন্তঃৰাষ্টীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ । গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অনুস্থিত এইবাৰৰ চলচিত্ৰ মহোৎসৱ প্ৰয়োভৰ ঘটিছে সৰ্বমুঠ ১৫খন দেশৰ ২৮ খনকৈ চলচ্চিত্ৰ । ইয়াৰ উপৰিও এইবাৰ চলচিত্ৰ মহোৎসৱ অন্তিম দিনা ১৪ ডিচেম্বৰত চুটি ছবি প্ৰদর্শনও কৰা হ'ব ।

ইয়াৰ উপৰিও প্ৰতি দিনাই সৰ্বমুঠ ৪খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা এই মহোৎসৱত । পুৱা ১১.১৫ বজাৰ পৰা আৰম্ভ হয় চলচ্চিত্ৰৰ প্ৰথম প্ৰদর্শনী । উল্লেখ যোগ্য যে এইবাৰৰ মহোৎসৱত ৫খনকৈ অসমীয়া চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হ'ব । সেই অনুযায়ী প্ৰতিখন ছবি দর্শনী মূল্য ৪০টকা । ঠিক একেদৰে দিনটোৰ প্ৰদৰ্শনী মূল্য ১০০টকা ।

ইফালে আজি সন্ধিয়া ৪ বজাত পৰিচালক অৰূপ মানানৰ ছবি অমৃত্যু প্রদর্শন কৰা হয় । অহা কালিলৈ পুৱা ১১.১৫ বজাত বিশ্বজিত কলিতা ভাৱৰীয়া প্রদর্শন কৰা হ'ব ।

Your Comments