উগ্ৰতাৰা মন্দিৰৰ চুৰি কাৰ্যৰ ঘটনাটোৰ বাবে প্ৰাক্তন সম্পাদকৰ আঙুলি কৈলাস শৰ্মালৈ

ৌ

উগ্ৰতাৰা মন্দিৰৰ মূল বিগ্ৰহ চুৰি ঘটনাই সমগ্ৰ ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থা ফোঁপোলা স্বৰূপ উদঙাই তোলাৰ সময়তে যোৱা ৩ ডিচেম্বৰ দিনা বৰ্তমান মন্দিৰৰ মূল দলৈ পৰমেস্বৰ শৰ্মাই এই চুৰি কাণ্ডৰ সন্দৰ্ভত মন্দিৰৰ পূৰ্ব পৰিচালনা সমিতি সম্পাদক পৰেশ কলিতা জড়িত বুলি কৰা অভিযোগৰ পাছত আজি পৰেশ কলিতাই এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে গুৱাহাটী প্ৰেছ ক্লাবত । সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন সম্পাদক গৰাকীয়ে কয় যে এই ঘটনাৰ সৈতে তেওঁ কোনো প্ৰকাৰে জড়িত নহয়।

এই চুৰি কাৰ্যবাবে সম্পূৰ্ণ জগৰীয়া বৰ্তমানৰ পৰিচালনা সমিতি আৰু প্ৰধান দলৈ। কাৰণ কিছুদিনৰ পূৰ্বে মন্দিৰৰ মূল বিগ্ৰহ থকা গৃহৰ গাতে লাগি থকা ভোগ ঘৰটো ভাঙি দিয়াৰ বাবে দেৱীৰ বিগ্ৰহৰ নিৰাপত্তা দিশটো শিথিল হৈ পৰিছিল । কাৰণ ভোগ ঘৰটো থাকোতে মূল বিগ্ৰহটোলৈ যাব বাবে তিনিখন কৈ দৰ্জা পাৰ হৈ যাব লাগিছিল ৷ কিন্তু এতিয়া কেৱল মাত্ৰ এটা সৰু তলা মাৰি বিগ্ৰহটোত ৰাখিছিল মন্দিৰৰ দলৈ আৰু পৰিচালনা সমিতিখনে ।

ইয়াৰ উপৰিও মূল দলৈ পৰমেস্বৰ শৰ্মাই ১ ডিচেম্বৰ দিন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে পৰেশ কলিতাই ফোন কৰি তেওঁক ধমকি দি জেলৰ ভাত খাব লাগিব বুলিও কৈছিল ৷ সেই অভিযোগৰ সন্দৰ্ভত প্ৰাক্তন সম্পাদকগৰাকীয়ে কয় যে পৰেশ কলিতাই যি অভিযোগ আনিছে সেইয়া সম্পূৰ্ণ মিছা কথা ।

তেওঁ ফোন কৰা কথাটো হয় বুলি উল্লেখ কৰি কয় যে তেওঁ তদন্তকাৰী গোটৰ এজন উচ্চ পদস্ত বিষয়াই চুৰি হোৱা বিগ্ৰহটোৰ অংকন বিচাৰি তেওঁ লৈ ফোন কৰিছিল । তেওঁ লগতে এই বুলিও কয় যে তেওঁক এই ঘটনাৰ সৈতে জড়িত কৰাত এক ডাঙৰ পৰিকল্পনা আছে আৰু এই পৰিকল্পনা ৰচনা কৰিছে মন্দিৰৰ পৰিচালনা সমিতি সদস্য কৈলাছ শৰ্মা বুলিও উল্লেখ কৰে । কাৰণ কৈলাছ শৰ্মাই পূৰ্বতে মন্দিৰৰ বহু মাটি দখল কৰি নিজৰ দখললৈ নিয়াৰ বাবে চেষ্টা চলাইছিল ৷

কিন্তু পৰেশ কলিতাই এই কথা পোহৰলৈ আনি সেই মাটি পৰা কৈলাছ শৰ্মাক বঞ্ছিত কৰিছিল বুলি উল্লেখ কৰে । ইয়াৰ উপৰিও তেওঁ বিৰুদ্ধে ১৯৯৫ চনৰ পৰা ২০১৭ চনলৈকে মন্দিৰৰ হিচাপ-নিকাছ খেলি মেলি থকা বুলি বৰ্তমানৰ কমিটিখনে যি অভিযোগ আনিছিল সেই সন্দৰ্ভত পৰেশ কলিতাই আজি সংবাদ মেলত কয় যে ১৯৯৫  চনত তেওঁ সম্পাদক নাছিল । সেই সময়ত পৰিচালনা সমিতি সম্পাদক আছিল দেৱেন ভট্টাচাৰ্য আৰু দলৈ আছিল বিপনী শৰ্মা ।

কিন্তু ২০০১ চনত ভট্টাচাৰ্যই পদত্যাগ কৰা পাছত তেওঁ সেই পদত অধিষ্টিত কৰিছিল কিন্তু মুল দলৈ থকাৰ বাবে সেই সময়ত তেওঁ ওচৰত বিত্ত লেন দেনৰ কোনো ক্ষমতা নাছিল । কিন্তু ২০০৩ চনত মূল দলৈ মৃত্যু হোৱাত পৰেশ কলিতাক জিলা ন্যায়াধিশে বিত্ত লেন-দেনৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই দিনৰ পৰা কাৰ্যকাল থকালৈকে ২০০৬ চনৰ ৩০ ছেপ্টেম্বৰ দিনা সকলো হিচাপ নিকাশৰ তথ্য জিলা ন্যায়াধিশৰ ওচৰত জমা দিছিল বুলিও উল্লেখ কৰে ।

তেতিয়া কিয় কোৱা নহ'ল হিচাপ-নিকাশ খেলি মেলি থকা কথা বুলিয়ে তেওঁ প্ৰশ্ন কৰে । লগতে তেওঁ অভিযোগ তোলে যে কৈলাছ শৰ্মা নামৰ ব্যক্তিজন মন্দিৰৰ সৰ্বেসৰ্বা, ভক্তই মন্দিৰত মাৰ নামত এৰি দিয়া ছাগলীও মাৰি খাই ভোজ ঘৰত বুলিও উল্লেখ কৰে । এক কথাত ক'বলৈ গ'লে ৰক্ষকে এতিয়া ভক্ষকৰ ৰূপত অৱতাৰ লৈছে বুলিও প্ৰাক্তন সম্পাদকগৰাকীয়ে অভিযোগ তোলে বৰ্তমানৰ দলৈ আৰু কৈলাছ শৰ্মা বিৰুদ্ধে ।

তেওঁ লগতে মন্দিৰ কৰ্তৃপক্ষ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি পৰেশ কলিতা এই চুৰি লগত জড়িত বুলি তেওঁলোকে গম পাইছিল তেন্তে কিয় পুলিচক কেচ ফাইল কৰোতে তেওঁলোকৰ নাম উল্লেখ কৰা নহ'ল বুলিও প্ৰশ্ন কৰে । তেওঁ এই সংবাদ মেলত কয় যে অতি সোনকালে পোহৰলৈ আহিব সকলো ৰহস্য ।

Your Comments