গুৱাহাটীত ৭টাকৈ ৰাজনৈতিক দলৰ সংবিধান আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষা দিৱস পালন 

s

আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো ৭টাকৈ বাওঁপন্থী ৰাজনৈতিক দলে সংবিধান আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষা দিৱস পালন কৰে । সেই উপলক্ষে গুৱাহাটী ক্লাৱৰ পৰা দীঘলীপুখুৰী পাৰলৈকে বাওঁপন্থী ৰাজনৈতিক দল কেইটাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । চি পি আই (এম), এল দি পি, আম আদমী, আৰ চি পি আই, এন চি পি, জনতা দল (এছ), চি পি আইয়ে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি নিপাত যাওঁক, আৰ এছ এছ হুচিয়া আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।

তেওঁলোকে দাবী কৰে ভাৰতবৰ্ষ সংবিধান আৰু গণতন্ত্ৰক ৰক্ষা কৰক, ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰক, সম্প্ৰদায়ীকতাবাদ নিপাত যাওঁক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে ।
 

Your Comments