বিদায় ক্ৰিকেট ! গম্ভীৰৰ অবসৰ ঘোষণা

a

ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে এটা দুঃ খবৰ। খেল পথাৰত এতিয়াৰ পৰা খেলুৱৈ হিচাপে দেখা নাযাব ভাৰতীয় ক্ৰিকেট দলৰ অ’পেনাৰ বেটছমেন গৌতম গম্ভীৰক। মংগলবাৰে দিল্লীৰ বাওঁহতীয়া বেটছমেনগৰাকীয়ে এক সংবাদমেলত ঘোষণা কৰে অৱসৰৰ কথা । দীৰ্ঘদিন ভাৰতীয় জাতীয় দলৰ পৰা আঁতৰি থকা তাৰকা বেটছমেনগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে ৬ ডিচেম্বৰত দিল্লীৰ ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা ৰঞ্জী ট্ৰফীৰ এখন খেলেৰে তেওঁ আনুষ্ঠানিকভাৱে বিদায় ল'ব ক্ৰিকেট বিশ্বৰ পৰা ।

a

তেওঁ সংবাদমেলত কয় যে এই খেল পথাৰৰ পৰাই যিহেতু তেওঁ ক্ৰিকেট জীৱন আৰম্ভ কৰিছিল সেইবাবে এইখন খেলপথাৰতেই সমাপ্তি কৰিব খোজে তেওঁ ক্ৰিকেট জীৱন । ইয়াৰ উপৰিও তেওঁ কয় যে তেওঁ পিছৰ জনমতো এজন ক্রিকেটাৰ হিচাপে যদি জন্মগ্ৰহণ কৰে তেন্তে ভাৰতীয় দলৰ হৈ পুনৰ ক্ৰিকেট খেলিব ।

উল্লেখ যোগ্য যে ভাৰতীয় ক্ৰিকেট দলত গৌতম গম্ভীৰৰ অৱদান যথেষ্ট আছে । বিশেষকৈ ২০১১ চনৰ বিশ্বকাপ ক্রিকেটত ভাৰতীয় দলক জয়ৰ দুৱাৰ দলিত থিয় কৰাইছিল গৌতম গম্ভীৰে । তেওঁ সেই খেলখনত শ্ৰীলংকাৰ হাতত ধৰাশায়ী হোৱা ভাৰতীয় দলটোক ধৈৰ্য সহকাৰে খেলি উপহাৰ দিছিল ৯৭ ৰানৰ এক মূল্যৱান ইনিংছ । ১৪ অক্টোবৰ, ১৯৮১ চনত দিল্লীত জন্মগ্ৰহণ কৰা বেটছমেনগৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলত আৰম্ভণি ঘটাইছিল ২০০৩ চনত বাংলাদেশৰ বিৰুদ্ধে সীমিত অভাৰৰ এখন খেলত ।

s

মুঠ ১৪৭ খন এদিনীয়া আন্তৰ্জাতিক মেচত ১১টাকৈ শতকসহ ৫২৩৮ ৰাণ, ৫৮খন টেষ্ট মেচত ৯টা শতক সহ ৪১৫৪ ৰাণ আৰু ৩৭খন টি-২০ মেচ ৭টা অৰ্ধশতক সহ ৯২৩ৰাণ সংগ্ৰহ কৰিছিল ক্রিকেটাৰগৰাকীয়ে । ইয়াৰ উপৰিও ভাৰতীয় দলৰ কেইবাখন গুৰুত্বপূৰ্ণ মেচত অধিনায়কৰ দায়িত্বও গ্ৰহণ কৰিছিল ।

প্ৰায় এটা দশক ভাৰতীয় ক্ৰিকেট দলক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা গম্ভীৰে ভাৰতীয় দলৰ হৈ শেষৰখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলিছিল ২০১৩ চনৰ ২৭ জানুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে । ঠিক একেদৰে শেষৰখন টেষ্ট খেলিছিল ২০১৬ চনত ইংলেণ্ডৰ বিৰুদ্ধেই । ইফালে ক্ৰিকেটাৰগৰাকীয়ে অৱসৰৰ কথা ঘোষণা কৰাৰ লগে লগেই বিভিন্ন জন অনুৰাগী সহিতে একালৰ সতীৰ্থ শচীন টেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেৱাগে টুইট কৰি অৱসৰৰ শুভেচ্ছা জনাইছে গৌতম গম্ভীৰক ।
 

Your Comments