নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ, স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহত কটকতিয়া নিৰাপত্তা ব্যৱস্থা  

ে

সকলো জল্পনা-কল্পনা অন্ত পেলাই বুধবাৰে অনুষ্ঠিত হ'ব ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন । প্ৰথম পৰ্যায়ত ৪৩ হাজাৰ ৫১৫ গৰাকীৰ প্ৰাৰ্থী ভাগ্য নিৰ্ণয় হ'ব বেলত বাকচত । ৰাজ্যৰ সৰ্বমুঠ ১৬ খনকৈ জিলাত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে ভোটকেন্দ্ৰসমূহত গঢ়ি তোলা হৈছে কটকতিয়া নিৰাপত্তা ব্যৱস্থা ।

স্পর্শকাতৰ আৰু অতি স্পর্শকাতৰ ভোটকেন্দ্ৰ হিচাপে চিহ্নিত হোৱা কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে অতিৰিক্ত সামৰিক বাহিনী । ইফালে পঞ্চায়ত নিৰ্বাচনত যাতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ বাবে ৰাজ্যৰ নিৰ্বাচন আয়োগেও গ্ৰহণ কৰিছে কঠোৰ স্থিতি । ইফালে ১৬খন জিলাত কালিলৈ হ'ব লগা পঞ্চায়ত নিৰ্বাচনত ২৫১খন জিলা পৰিষদৰ সদস্য পদৰ বাবে ৭৯৬ গৰাকী, ১৩০৪খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে ৩৭৯৯গৰাকী, ১৩০৪খন পঞ্চায়ত সভাপতি সদস্য পদৰ বাবে ৪১৫৫ গৰাকী, ১৩,০৪০খন গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে ৩৪,৭৬৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ সকলে । উল্লেখ যে পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

ইফালে এইবাৰ তিনিচুকীয়া জিলাৰ দুটা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৬বজা পৰা আবেলি ২ বজালৈ অনুষ্ঠিত হব ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইফালে অহা ৯ ডিচেম্বৰ তাৰিখৰ দিনা অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন । ফলাফল ঘোষণা কৰা হ'ব অহা ১২ ডিচেম্বত ।

Your Comments