গুৱাহাটী প্ৰেছ ক্লাবত কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুবাৰ্ষিকী পালন

গুৱাহাটী প্ৰেছ ক্লাবত কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুবাৰ্ষিকী পালন

কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ আজি অষ্টম মৃত্যুবাৰ্ষিকী । মৃত্যুবাৰ্ষিকীৰ দিনটোত সন্মানীয় লোকগীতৰ শিল্পীগৰাকীক আজি সন্মান জনোৱা হয় গুৱাহাটী প্ৰেছ ক্লাবত ।

ৰামেশ্বৰ পাঠক স্মৃতিৰক্ষা সমিতিৰ সৌজন্যত আয়োজন কৰা এই স্মৃতিচাৰণ সভাখনত উপস্থিত আছিল বহু গণ্য-মান্য ব্যক্তিৰ লগতে পৰিয়ালৰ সদস্যসকল ।

গুৱাহাটী প্ৰেছ ক্লাবত কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুবাৰ্ষিকী পালন

কামৰূপী লোকগীতৰ সম্ৰাটজনৰ এই স্মৃতিচাৰণ সভাখনত উপস্থিত থাকে গীতিকাৰ, সুৰকাৰ ডঃ পৰাণ কুমাৰ ভট্টাচাৰ্য, নিৰুপমা বৰগোহাঞি, গল্পকাৰ বিজু হাজৰিকা, মৃণালিনী দেৱী, ভবেন্দ্ৰনাথ তালুকদাৰ, ডঃ পৰমানন্দ ৰাজবংশী প্ৰমুখ্যে ৰামেশ্বৰ পাঠকৰ পত্নী ধনদা পাঠক ।

গুৱাহাটী প্ৰেছ ক্লাবত কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুবাৰ্ষিকী পালন

অনুষ্ঠানৰ আৰম্ভণিতে লোকশিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টি "শংকৰ গুৰু আমাৰে" শীৰ্ষক কামৰূপীয় লোকগীতটো পৰিবেশন কৰা হয় ।

গীতটো পৰিবেশন কৰে পত্নী ধনদা পাঠক, ভিটালী দাস, ৰামেশ্বৰ পাঠকৰ দুই কন্যা প্ৰমুখ্যে কেইবাগৰাকীও শিল্পীয়ে ।

গুৱাহাটী প্ৰেছ ক্লাবত কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুবাৰ্ষিকী পালন

তাৰ পাছতে শিল্পীগৰাকীৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন কৰি সভাৰ আৰম্ভণি কৰা হয় ।

Your Comments