গুৱাহাটী ৰে'ল ষ্টেচনত নিচাযুক্ত টেবলেটসহ ইৰাণী গ্ৰুপৰ সদস্য আটক

গুৱাহাটী১ৰে'ল১ষ্টেচনত১নিচাযুক্ত১টেবলেটসহ১ইৰাণী১গ্ৰুপৰ১সদস্য১আটক

গুৱাহাটী ৰে'ল ষ্টেচনত আজি ইৰাণী গ্ৰুপৰ এজন সদস্যক ৰে'ল আৰক্ষীয়ে আটক কৰে ৷

কিষাণগঞ্জ বিহাৰৰ দীনেশ শ্বাহ (২৭) নামৰ এই সদস্যজনৰ পৰা জি আৰ পি এছে ১৩০টা নাইট্ৰাজিপাম টেবলেটৰ ২টা পেকেট, ৪টা ডুল' ফিনি টেবলেট আৰু ৫টা বান্দৰ কেঁকোৱাৰ সৰু পেকেট উদ্ধাৰ কৰে ৷

সন্দেহ কৰামতে এই বিষাক্ত দ্ৰব্যসমূহ ৰে'লযাত্ৰীক লুট-পাতৰ লগতে অন্যান্য অপৰাধমূলক কাৰ্যৰ উদ্দেশ্যে লগত আনিছিল ৷

এই সংক্ৰান্তত জি পি আৰ এছে ৪৩২৮/১৮/৩২৮/৩৮০ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

ধৃত সদস্যজনক আজি আদালতত হাজিৰ কৰোৱা হয় ৷

Your Comments