বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন : দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস

বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন কৰি দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস পালন

আজি বিশ্ব প্ৰতিবন্ধী দিৱস ৷

কিন্তু প্ৰতিবন্ধী দিৱসৰ কাৰ্যসূচী বৰ্জন কৰি ৰাজ্যৰ প্ৰতিবন্ধীসকলে এই দিৱসটো পালন কৰিছে প্ৰতাৰণা দিৱস হিচাপে ৷

বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন কৰি দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস পালন

সেই উদ্দেশ্যে মহানগৰীৰ দীঘলীপুখুৰীপাৰত সমবেত হৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ কেইবাটাও প্ৰতিবন্ধী সংগঠনে ৷

অসম চৰকাৰ আৰু সমাজ কল্যাণ বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতাৰণা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰি উলিয়াইছে মৌন সমদল ৷

বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন কৰি দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস পালন

পুৱা ১১.৩০ বজাৰ পৰা মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আন আন প্ৰতিবন্ধী সন্থাৰ প্ৰতিনিধিসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নমা দেখিবলৈ পোৱা গৈছে ৷

বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন কৰি দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস পালন

হাতে হাতে বিভিন্ন দাবীসম্বলিত আৰু চৰকাৰবিৰোধী শ্লোগান লিখা প্লে'-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাজ্যৰ প্ৰতিবন্ধীসকলে ।

লগতে অহিংস আন্দোলত নমা প্ৰতিবন্ধীসকলৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰক নিন্দা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিয়ে ৷

বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন কৰি দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস পালন

আনহাতে, প্ৰতিবন্ধী প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা আৰক্ষী বিষয়া অমিতাভ বসুমতাৰীক দৃষ্টান্তমূলক শাস্তি বিহাৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন কৰি দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস পালন

প্ৰতিবাদত অংশগ্ৰহণ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম, দৃষ্টিহীন পৰিষদ, অসম, সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থা, পূবালী প্ৰতিবন্ধী সন্থা, সদৌ বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্থা, কলিয়াবৰ প্ৰতিবন্ধী সংস্থাকে ধৰি কেইবাটাও সংস্থাই ৷

Your Comments