ৰাজ্যৰ মঠ-মন্দিৰত সংঘটিত হৈ থকা চুৰিকাৰ্য সন্দৰ্ভত বিশেষ বৈঠক দেৱালয় সংঘৰ

ৰাজ্যৰ মঠ-মন্দিৰত সংঘটিত হৈ থকা চুৰিকাৰ্য সন্দৰ্ভত বিশেষ বৈঠক দেৱালয় সংঘৰ

ৰাজ্যখনৰ বিভিন্ন মঠ-মন্দিৰত সংঘটিত হৈ থকা বিগ্ৰহ চুৰি, দানপাত্ৰৰ পৰা ধন চুৰি, সামগ্ৰী চুৰি সন্দৰ্ভত আজি সদৌ অসম দেৱালয় সংঘৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

উগ্ৰতাৰা দেৱালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থাকে সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য প্ৰমুখ্যে প্ৰতিনিধিসকল । উক্ত বৈঠকত মঠ-মন্দিৰসমূহত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা চুৰিকাৰ্যসমূহ কেনেকৈ ৰোধ কৰিব পাৰি সেই বিষয়ত আলোচনা কৰা হয় ।

ৰাজ্যৰ মঠ-মন্দিৰত সংঘটিত হৈ থকা চুৰিকাৰ্য সন্দৰ্ভত বিশেষ বৈঠক দেৱালয় সংঘৰ

লগতে উক্ত বৈঠকৰ জৰিয়তে অসম চৰকাৰ আৰু গৃহ বিভাগক এই চুৰিকাৰ্য ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় । ইয়াৰ উপৰি ১৯৬৭ চনৰ পৰা ৰাজ্যৰ ৰজাদিনীয়া দৌল-দেৱালয়সমূহৰ মাটি অধিগ্ৰহণ কৰি চৰকাৰে সেই দৌল-দেৱালয়সমূহ সংৰক্ষণ কৰিব লাগিছিল যদিও তাক কৰা নাই বুলি অভিযোগ আনে ।

সেইবাবে এই বৈঠকত দৌল-দেৱালয়সমূহৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ আঁচনি ৰূপায়ণ কৰাৰ বিষয়ে উল্লেখ কৰা হয় । বৈঠকত উগ্ৰতাৰা দেৱালয়ত যোৱা ১৫ নৱেম্বৰৰ দিনা মূল বিগ্ৰহ চুৰি হোৱা সন্দৰ্ভতো আলোচনা কৰা হয় ।

উল্লেখ্য যে উগ্ৰতাৰাৰ মূল বিগ্ৰহ চুৰিৰ আজি ১৬ দিন পাৰ হৈ যোৱাৰ পাছতো চুৰি হোৱা বিগ্ৰহটো উদ্ধাৰ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে উগ্ৰতাৰা দলৈ সমাজৰ লগতে সদৌ অসম দেৱালয় সংঘই ।

এই সকলোবোৰ বিষয় সন্নিৱিষ্ট কৰি ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰদানৰ সিদ্ধান্তও গ্ৰহণ কৰে সদৌ অসম দেৱালয় সংঘই । আজি বিশেষ বৈঠকখন অনুষ্ঠিত হৈছিল উগ্ৰতাৰা দেৱালয়ৰ সভাগৃহত  ।

Your Comments