বাংলাদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিব নোৱাৰিলে অসমীয়া জাতিয়ে মুখ্য মন্ত্ৰীক কেতিয়াও ক্ষমা নকৰিব : আছু 

বাংলাদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিব নোৱাৰিলে অসমীয়া জাতিয়ে মুখ্য মন্ত্ৰীক কেতিয়াও ক্ষমা নকৰিব : আছু 

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণত ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু অসম চৰকাৰৰ সহযোগিতাৰ অভাৱ । এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ ।

আজি গুৱাহাটীস্থিত ছহিদ ন্যাসত আয়োজিত এক সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্য মন্ত্ৰী সহিতে ৰাজ্য চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে আছু নেতৃবৃন্দই ।

সংবাদমেল আয়োজন কৰি আছুৰ সভাপতি দীপংকৰ নাথে কয় যে অসমৰ ২৮টা জাতি-জনগোষ্ঠীৰ সংগঠনে সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত প্ৰথমৰ পৰাই জড়িত হৈ সকলো কামৰ তদাৰক কৰি অহা হৈছে ।

সমগ্ৰ ৰাজ্যৰ প্ৰত্যেকটো এন আৰ চি সেৱা কেন্দ্ৰত যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হ'ব নোৱাৰে তাক সদায় তীক্ষ্ণভাৱে গুৰুত্ব দি আহিছে । যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন জাতিৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ দলিল হিচাপে চিহ্নিত হৈ আহিছে, তাৰ স্বাৰ্থতে সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮টা জনগোষ্টীয় সংগঠনে তাক সদায় পৰ্যবেক্ষণ কৰি আছে ।

কিন্তু এন আৰ চি উন্নীতকৰণত চৰকাৰখনৰ বিশেষকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি গুৰুত্ব হ'ব লাগিছিল সেই গুৰুত্ব এতিয়া মুখ্য মন্ত্ৰীজনৰ নাই ।

বিশেষকৈ যোৱা এক তাৰিখৰ পৰা চলি থকা দাবী আৰু আপত্তি পৰ্যায়তো যিধৰণে মুখ্য মন্ত্ৰীজনে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্ব কিন্তু আজি পৰ্যন্ত দিয়া নাই ।

কেৱল অসমৰ দল-সংগঠনে দাবী আৰু আপত্তিৰ বেলিকা গুৰুত্বপূৰ্ণ স্থিতি ল'ব লাগে বুলি দায়সৰা মন্তব্য প্ৰকাশ কৰিছে । যিসময়ত উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ আধাৰত মুখ্য মন্ত্ৰীজনে নিজে এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বাংলাদেশীসকলৰ নাম কৰ্তন কৰি শুদ্ধ এখন এন আৰ চি প্ৰস্তুত কৰাত যি ভূমিকা ল'ব লাগিছিল সেই ভূমিকা মুখ্য মন্ত্ৰীজনে কিন্তু আজি পৰ্যন্ত লোৱা দেখা নগ'ল ।

কেৱল ভোট বেংকৰ স্বাৰ্থত মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ধৰ্মীয় মেৰুকৰণ কৰাত এতিয়া মুখ্য মন্ত্ৰীজন ব্যস্ত বুলি উল্লেখ কৰি আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে যদি অসমীয়া জাতিয়ে বিচাৰি থকা বাংলাদেশীমুক্ত শুদ্ধ এন আৰ চি এখন প্ৰস্তুত কৰিব নোৱাৰে তেন্তে মুখ্য মন্ত্ৰীজনক জাতিয়ে কেতিয়াও ক্ষমা নকৰিব ।

কেৱল জাতীয় সংগঠনলৈ দোষ ঠেলি থকাতকৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজৰ ফালৰ পৰা বিদেশীৰ নাম কৰ্তনৰ ব্যৱস্থা নকৰে কিয় বুলিও প্ৰশ্ন কৰে আছুৰ সম্পাদকগৰাকীয়ে ।

ইয়াৰ উপৰি উক্ত সংবাদমেলত আছুৰ উপদেষ্টা তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একালৰ অতি ঘনিষ্ঠ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ মুখ্য মন্ত্ৰীজনে উচ্চতম ন্যায়ালয়ে দিয়া এছ পি অ'খন আজিলৈকে পঢ়ি চাইছেনে নাই তাত সন্দেহ আছে বুলি উল্লেখ কৰে ।

ইয়াৰ উপৰি তেওঁ কয় যে দাবী আৰু আপত্তি চলি থকা সময়ত ৰাজ্য চৰকাৰে নাগৰিকপঞ্জীৰ বাবে আবেদন কৰা সকলো ব্যক্তিৰে বায়'মেট্ৰিক তথ্য-পাতি সংগ্ৰহ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে ।

আনকি দাবী আৰু আপত্তিৰ বাবে আবেদন কৰাসকলৰ বাবে সুকীয়াকৈ বায়'মেট্ৰিক তথ্য-পাতি সংগ্ৰহ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে ৷ কিন্তু আজিলৈকে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰীয়ে বায়'মেট্ৰিক পদ্ধতিতো গ্ৰহণ কৰিছেনে বুলি আছুৱে প্ৰশ্ন কৰে ।

আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কোৱা হৈছে যে ভাৰতবৰ্ষৰ অন্য ঠাই পৰা অসমলৈ অহা বৈধ নাগৰিকৰ বেলিকাও তথ্য-পাতিবোৰ তন্নতন্নকৈ চাব লাগিব । তাৰ পাছতহে যদি গ্ৰহণযোগ্য হয় এন আৰ চিত অন্তৰ্ভুক্ত কৰিব পাৰিব ।

কিন্তু চৰকাৰে এই দিশত কিবা ভূমিকা গ্ৰহণ কৰিছেনে বুলিও আছুৰ প্ৰশ্ন । ইয়াৰ উপৰি অসম চৰকাৰে বিদেশীৰ বিৰুদ্ধে চলাই থকা গোচৰবোৰ উচিত তদন্তৰ পাছত ন্যায়াধিকৰণলৈ পঠাব লাগে ।

কিন্তু এন আৰ চিৰ কাম চলি থকা বাবে এতিয়া তেনে গোচৰৰ হিচাপ অসম চৰকাৰে ৰহস্যজনকভাৱে পঠিওৱা নাই । যিহেতু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকাসকলৰ নাম যদি এন আৰ চিত সোমাইছে তেওঁলোকৰ নাম বাদ পৰিব, কিন্তু চৰকাৰখনে সেইসকলক সুৰক্ষা দিয়াৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে এই সংবাদমেলতে আছু নেতৃবৰ্গই মুখ্য মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে যে দ্বিতীয় শৰাইঘাটৰ ৰণ চৰকাৰখনৰ বাংলাদেশীক সুৰক্ষা প্ৰদান কৰাটো নেকি ?

Your Comments