উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নি উচ্ছেদৰ জাননীৰ বিৰুদ্ধে উপায়ুক্তক স্মাৰক-পত্ৰ

উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কলনি উচ্ছেদৰ জাননীৰ বিৰুদ্ধে উপায়ুক্তক স্মাৰক-পত্ৰ

উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নিত ৫০-৬০ বছৰে বসবাস কৰি অহা লোকসকললৈ যোৱা ১৯ নৱেম্বৰ তাৰিখে প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত উক্ত স্থানত বসবাস কৰা লোকসকলক খালী কৰাৰ নিৰ্দেশ দিছিল । 

প্ৰশাসনৰ এই উচ্ছেদ কোনো পধ্যেই মানি নলয় সুদীৰ্ঘ বছৰ ধৰি বসবাস কৰি অহা শতাধিক পৰিয়ালৰ লোকসকলে । সেয়েহে আজি চি পি আই এম আৰু এছ এফ আইৰ উদ্যোগত উচ্ছেদৰ জাননী অহা লোকসকলে ৰে'লৱে' কল'নিৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে । 

মন কৰিবলগীয়া যে বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ সময় । এই সময়ত অমানৱীয়ভাৱে বসবাসৰ বিকল্প উপায় নিদি প্ৰশাসনে উচ্ছেদৰ জাননী দিয়াত ক্ষুব্ধ হৈ পৰে লোকসকল । 

প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । 

প্ৰায় আধাঘণ্টাজোৰা প্ৰতিবাদৰ অন্তত অতিৰিক্ত জিলা উপায়ুক্ত আহি স্মাৰক-পত্ৰ গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তলৈ এই উচ্ছেদ কাৰ্য বন্ধ ৰাখি বসবাসৰ বিকল্প স্থান নিৰ্বাচন কৰি দিবৰ বাবে দাবী জনায় ।

Your Comments