৪ ডিচেম্বৰলৈ স্থগিত নাৰ্ছ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী

আজি ২ বজাৰ পৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে আন্দোলন ।

# ৯টা দাবীৰ ৫টাত সন্মতি জনোৱাৰ বাবে ৪ ডিচেম্বৰলৈকে স্থগিত সদৌ অসম নাৰ্ছ সন্থাৰ ধৰ্মঘট ।

# আজি দিনৰ ২ বজাৰ পৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে আন্দোলন ।

# চৰকাৰৰ আশ্বাসৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত ।

# যদি ৪ ডিচেম্বৰলৈকে কোনো সিদ্ধান্ত দিব নোৱাৰে তেন্তে ৫ ডিচেম্বৰত পুনৰ পৰৱৰ্তী কাৰ্যসূচী ঘোষণা ৷

# আজি এক সংবাদমেল পাতি সদৌ অসম নাৰ্ছ সন্থাৰ ঘোষণা ৷

# এতিয়াও চৰকাৰে তেওঁলোকৰ মূল দাবী মানি লোৱা নাই ।

# স্বাস্থ্য বিভাগে তেওঁলোকৰ সমস্যাৰ ওপৰত ৪ ডিচেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ।

# আজি সংবাদমেল সম্বোধন কৰি তেওঁলোকে কয় যে বুধবাৰে নাৰ্ছ সন্থাৰ প্রতিনিধিবৰ্গই স্বাস্থ্য বিভাগৰ শীর্ষ বিভাগৰ লগত এই আলোচনাত মিলিত হৈছিল ।

# ন্যায্য প্ৰাপ্তিৰ দাবীত এই আন্দোলন ।

# ২৬ নৱেম্বৰৰ পৰা চলিছিল এই আন্দোলন ।

# বহুবাৰ চৰকাৰক অনুৰোধ জনোৱা হৈছিল, কিন্তু কোনো কথা নুশুনিলে ।

# এটা পদত দুগৰাকীৰ দৰমহা হ'ব নালাগে বুলি বাৰেপতি অনুৰোধ জনোৱা হৈছিল, কথা দি কথা নাৰাখে ।

# কালি আলোচনাৰ বাবে মাতি মন্ত্ৰী নিজে অনুপস্থিত ।

# মুখ্য সচিবকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত আলোচনা হৈছিল, এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা ।

# এটা পদৰ বিপৰীতে এগৰাকীৰ দৰমহা হ'ব লাগে বুলি আলোচনাকালত বিষয়াসকলে কয় ।

# ৭,৪০০টকা গ্ৰেড পে' দিয়া হ'ব বুলি আলোচনা হৈছিল আৰু এক প্ৰকাৰৰ আশ্বাস দিছিল ।

# যিখিনি দিছিল তাত সন্তুষ্ট নহয় এওঁলোক ।

# ভবিষ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ । 

# চৰকাৰক সকিয়নী- নাৰীসকলক লৈ হেতালি নেখেলিব ।

# ছাৰ্ভিচ ৰ'ল অব্‌ ষ্টাফ নাৰ্ছ প্ৰযোজ্য কৰাৰ দাবী ।

# চৰকাৰে প্ৰকাশ কৰাৰ আশ্বাস দিছে ।

# অসমৰ চিকিৎসালয়সমূহত কিমান ৰোগীৰ বিপৰীতে কেইগৰাকী নাৰ্ছ থাকিব লাগে তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই ।

# ৬০জন ৰোগীৰ বিপৰীতে এগৰাকী নাৰ্ছ থকাৰ বাবে শাৰীৰিক-মানসিকভাৱে ভাগি পৰিছে ।

# জনসাধাৰণলৈ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে এই কথা ঘোষণা কৰা হৈছে ।

# সংবাদ মাধ্যমৰ আগত সভানেত্ৰীয়ে পদত্যাগ কৰিলে নহ'ব, কৰ্ণধাৰ সমিতিক পদত্যাগ-পত্ৰ দিব লাগিব ।

# তেওঁ অসুস্থ বুলি খবৰ দিছে সেয়ে সংবাদমেলত উপস্থিত থাকিব নোৱাৰিলে বুলি জনায় ।

# নাৰ্ছ সন্থাৰ মাজত বিভাজন অনাৰ বাবে চৰকাৰৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ নাৰ্ছ সন্থাৰ সাধাৰণ সম্পাদিকাৰ ।

# প্ৰশাসনৰ ফালৰ পৰা ভয়-ভীতি প্ৰদৰ্শন কৰা হৈছে সন্থাৰ নাৰ্ছক ।

# আন্দোলনৰ বাবে নাৰ্ছৰ কি গতি হৈছে অনুভৱ কৰিব পাৰিছে নাৰ্ছসকলে ।

# সংবাদ মাধ্যমৰ আগত স্বাস্থ্য বিভাগৰ মন্ত্ৰীয়ে স্বাস্থ্য বিভাগ সুচাৰূপে চলাই আছে বুলি মিছা আৰু ভুৱা প্ৰচাৰ চলাই আছে বুলি সম্পাদকে কয় ।

# সভানেত্ৰীক চৰকাৰী পক্ষই হেঁচা দিছে বুলি অভিযোগ নাৰ্ছ সন্থাৰ ।

# সভানেত্ৰীৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ তোলে সাধাৰণ সম্পাদিকাই ।

# নিলীমা শইকীয়া আৰু মঞ্জু শইকীয়া উপস্থিত আছিল সভানেত্ৰীৰ লগত ।

# প্ৰাপ্য দাবী নাপালে আন্দোলন চলাই নিয়াৰ হুংকাৰ ।

# নিজৰ ন্যায্য পোৱাৰ বাবে চলাই নিব আন্দোলন ।

# সেই আলোচনাত নাৰ্ছসকলে উত্থাপন কৰিছিল ৯টা মূল দাবী ।

# তাৰ ভিতৰত চৰকাৰী পক্ষই ৫টা দাবীৰ প্ৰতি সন্মান জনাইছে ।

# কিন্তু মূল দাবী এতিয়াও মানি লোৱা নাই বুলি উল্লেখ কৰে সংবাদমেলত ।

# সংবাদমেলখনত উপস্থিত থাকে সম্পাদিকা জুনু চুতীয়া দিহিঙীয়া ।

Your Comments