কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী সম্পন্ন

কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী সম্পন্ন

আজি কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ সপ্তম মৃত্যুবাৰ্ষিকী উপলক্ষে বিশ্ববিদ্যালয়ৰ আলোচনা কক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ অধ্যাপক ডঃ অনুৰাধা শৰ্মা বিশিষ্ট অতিথি আৰু দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা জাহ্নৱী দেৱী নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে ৷

কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী সম্পন্ন

নিৰ্দিষ্ট বক্তা জাহ্নৱী দেৱীয়ে মহান সাহিত্যিকগৰাকীৰ 'সাহিত্যত প্ৰতিফলিত প্ৰতিবাদী নাৰী চৰিত্ৰ' সম্পৰ্কে বক্তৃতা প্ৰদান কৰে ৷ বিশিষ্ট অতিথি অনুৰাধা শৰ্মাই সাহিত্যিকগৰাকীৰ 'সাহিত্যত প্ৰতিফলিত মানৱীয় সত্তাৰ স্থিতি' সম্পৰ্কে আলোচনা দাঙি ধৰে ৷

অনুষ্ঠানৰ উদ্বোধন কৰে বিশ্ববিদ্যালয় পঞ্জীয়ক দিগন্ত কুমাৰ দাসে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰস্তুত কৰা জাহ্নু বৰুৱা পৰিচালিত মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰ এখন প্ৰদৰ্শন কৰা হয়৷

Your Comments