৩ ডিচেম্বৰত অনিৰ্দিষ্টকালীন ধর্মঘট সৰ্বভাৰতীয় বি এছ এন এল ইউনিয়নৰ

ি্ি্োিীা

পাঁচ দফীয়া দাবীলৈ অহা ৩ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিব সৰ্বভাৰতীয় বি এছ এন এলৰ সকলো ইউনিয়ন কৰ্তৃপক্ষই । সেয়েহে ব্যাহত হ'ব পাৰে বেংক সেৱা, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া, আগন্তক পঞ্চায়ত নিৰ্বাচন লগতে ফলাফল ।  এই কথা আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল পাতি ঘোষণা কৰিলে অল ইউনিয়নচ এণ্ড এছোচিয়েচন অৱ বি এছ এন এলে । 

তেওঁলোকৰ দাবীসমূহ হৈছে বি এছ এন এলক ৪জি স্পেকটামৰ সুবিধা প্ৰদান কৰা । বি এছ এন এল পেঞ্চনাৰসকলৰ পেঞ্চন ৰিভিছন কৰা । প্ৰত্যক্ষভাবে নিয়োগ প্ৰাপ্ত বি এছ এন এল কৰ্মীৰ ৩০ শতাংশ অৱসৰকালিন প্ৰাপ্য হিচাপে প্ৰদান কৰা । পেঞ্চন বেচিক-পেৰ হিচাপত প্ৰদান কৰা আৰু পি এছ ইউৰ নিয়ম অনুসৰি কর্মীসকলৰ দৰমহা বৃদ্ধি কৰা ।  ইয়াৰ উপৰিও অহাকালিলৈ কামৰূপ জিলা চক্ৰ-বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত গ্ৰহণ কৰিব প্ৰতিবাদ কাৰ্যসূচী ।

Your Comments