চৰকাৰৰ অন্যায় আৰু বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ মাধ্যমিক পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষক

চৰকাৰৰ অন্যায় আৰু বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ মাধ্যমিক পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষক

চৰকাৰী বঞ্চনা আৰু অন্যায়ৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ ৬০০০গৰাকী মাধ্যমিক পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষকে । ২০১০ বর্ষত বিষয় শিক্ষক হিচাপে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ বহুবল্কী শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি দিছিল এইসকল অতিৰিক্ত শিক্ষকক ।

চৰকাৰৰ অন্যায় আৰু বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ মাধ্যমিক পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষক

আৰু নিযুক্তি দিয়াৰ পাছত মন্ত্ৰীজনে ঘোষণা কৰিছিল এইসকল শিক্ষকক প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলতকৈ এটকা হ'লেও বেছিকৈ বেতন দিয়া হ'ব । কিন্তু মন্ত্ৰীজনৰ এই ঘোষণা আজি ৮টা বছৰেও কাৰ্যকৰী নহ'ল ।

পূৰ্বতকৈ কিছু টকা বৃদ্ধি কৰিয়েই দায়িত্ব সমাৰিলে বহুবল্কী মন্ত্ৰীজনে । তাৰ পাছত চৰকাৰ পৰিৱৰ্তন হ'ল, পুনৰ শিক্ষামন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷

চৰকাৰৰ অন্যায় আৰু বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ মাধ্যমিক পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষক

কিন্তু মন্ত্ৰীজনে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ওপৰত অলপো গুৰুত্ব নিদিলে । শিক্ষকসকলে যোগ্যতাৰ ভিত্তিত চাকৰি নিয়মীয়াকৰণ কৰিব লাগে বুলি আজি ৮টা বছৰে দাবী জনাই অহাৰ পাছতো কোনো গুৰুত্ব নাপাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল এইসকল শিক্ষক ।

কিন্তু উচ্চতম ন্যায়ালয়ে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আৰু সমান কামৰ বাবে সমান মজুৰি দিয়াৰ বাবে শিক্ষা বিভাগক নিযুক্তি দিয়ে ৷ কিন্তু বৰ্তমানৰ শিক্ষামন্ত্ৰীজনে কোনো গুৰুত্ব দিয়া নাই ন্যায়ালয়ৰ এই ৰায়ৰ সন্দৰ্ভত ।

এই মন্তব্য সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভাপতি সুৰেশ্বৰ ডেকাৰ । আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে কয় যে পঞ্চায়ত নিৰ্বাচন, এন আৰ চি, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহি মূল্যাঙ্কন সকলো কামতেই এই শিক্ষকসকল জড়িত হ'ব লাগে ।

কিন্তু প্ৰাপ্যৰ সময়ত সদায় এই শিক্ষকসকল বঞ্চিত হ'ব লাগে বুলিও উল্লেখ কৰে । নিৰ্বাচনৰ কামত যোৱা সময়ত এইসকল শিক্ষক বহু সময়ত শংকাত ভোগে জীৱনৰ নিৰাপত্তাক লৈ ৷

চৰকাৰৰ অন্যায় আৰু বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ মাধ্যমিক পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষক

কিন্তু এইসকল শিক্ষকৰ জীৱনৰ দায়িত্ব চৰকাৰে কেতিয়াও নলয় । সেয়েহে তেওঁলোকৰ দাবী, ডিচেম্বৰ মাহৰ ভিতৰতে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে মুখ্য মন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

নহ'লে আগন্তক জানুৱাৰী মাহৰ পৰা শ্রেণী বৰ্জন কৰা হ'ব বুলিও হুংকাৰ দিয়ে । ইয়াৰ উপৰি তেওঁলোকৰ দাবীক যদি কোনো গুৰুত্ব নিদিয়ে তেন্তে মেট্ৰিক পৰীক্ষাৰ বহি মূল্যাঙ্কন কৰা পৰাও তেওঁলোক আঁতৰি থাকিব বুলি উল্লেখ কৰে ।

Your Comments