আজি গুৱাহাটীলৈ আহিব দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ 

a

আজি বিয়লি ৩ বজাত নতুন দিল্লীৰ পৰা হেলিকপ্টাৰযোগে আহিবলগা ৰাষ্ট্ৰপতিগৰাকীৰ বিশেষ হেলিকপ্টাৰ গুৱাহাটীত অৱতৰণ কৰিব সন্ধিয়া ৬ বজাত । ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণক লৈ ৰাজ্যৰ গৃহ বিভাগ সষ্টম হৈ থকাৰ সময়তে গুৱাহাটী মহানগৰীৰ বৰবাৰী অঞ্চলৰ দুটা স্থানত উৰিছে নিষিদ্ধঘোষিত সংগঠন আলফা (স্বা) ৰ দুখন পতাকা ।

তাকে লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে । এখন পতাকা বৰবাৰী হাইস্কুলৰ সন্মুখত উৰাৰ বিপৰীতে আনখন পতাকা উৰিছে বৰবাৰী অঞ্চলৰ পাহাৰৰ টিলাত । বৰবাৰী হাইস্কুলৰ পতাকাখন আৰক্ষীয়ে দেখা পাই খুলি লৈ যায় । কিন্তু ৰাইজৰ প্ৰশ্ন, আৰক্ষীৰ ইমান কটকটীয়া ব্যৱস্থাৰ মাজতো কোনে উৰুৱালে এই পতাকা দুখন ।

পতাকা দুখনক লৈ এতিয়া অঞ্চলটোৰ বাসিন্দাসকল চিন্তাত পৰা দেখা গৈছে । ৰাষ্ট্ৰপ্ৰতিৰ আগমনক লৈ আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ পাছতো কিয় এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলিও কিছু লোকে আৰক্ষী প্ৰশাসনলৈ প্ৰশ্ন উত্থাপন কৰে । 

Your Comments