কাইলৈ গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি

কাইলৈ গুৱাহাটী আহিব ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণ সূচীৰে কাইলৈ গুৱাহাটীলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ।

২৯ নৱেম্বৰত বৰঝাৰত বায়ুসেনাৰ ১১৮ হেলিকপ্টাৰ ইউনিটৰ প্ৰেষ্টিজিয়াছ প্ৰেছিডেণ্ট কালাৰ (prestigious president colour) বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ আগমনক লৈ এতিয়া মহানগৰীৰ সকলো প্ৰান্ততে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

বায়ুসেনাই আকাশমাৰ্গৰ পৰাও পৰ্যবেক্ষণ কৰিছে সমগ্ৰ নিৰাপত্তাৰ দিশটো ।

ৰাষ্ট্ৰপতিৰ আগমনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰবাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

ইফালে ৰাষ্ট্ৰপ্ৰতিৰ আগমনক লৈ যাতে যান-জঁটৰ সমস্যাৰ সৃষ্টি নহয় তাৰবাবে মহানগৰীৰ ভালেকেইটা পথত ন' পাৰ্কিং ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে কাইলৈ ৰাতিটো ৰাষ্ট্ৰপতিগৰাকী ৰাজভৱনতে থাকিব ।

Your Comments