দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল সোণোৱাল চৰকাৰ দুৰ্নীতিত নিমজ্জিত : দুৰ্নীতিবিৰোধী যুৱ-শক্তি

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল সোণোৱাল চৰকাৰ দুৰ্নীতিত নিমজ্জিত : দুৰ্নীতিবিৰোধী যুৱ-শক্তি

ধলা-শদিয়াত ৫জনকৈ নিৰীহ ব্যক্তিক হত্যা, যোৰহাট মেডিকেল কলেজত এসপ্তাহত ২০টাকৈ নৱজাতকৰ মৃত্যু আৰু শেহতীয়াভাৱে শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালৰ খবৰ ল'বলৈ সময় নোপোৱা মুখ্য মন্ত্ৰীয়ে কেনেকৈ সময় পালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ ?

এই প্ৰশ্ন দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমৰ । আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে জাতীয় নায়ক নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

সংবাদমেলৰ প্ৰথমতে তেওঁ কয় যে দুৰ্নীতিমুক্ত নিকা প্ৰশাসনৰ কথা কোৱা চৰকাৰখনে সঁচাকৈ যদি সেই নীতিকে অনুসৰণ কৰে তেন্তে কিয় এ পি এছ চিৰ তদন্তৰ আওতালৈ আনিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিধায়ক গুৰুজ্যোতি দাসৰ পৰিয়াল আৰু বিজেপি দলৰ নেত্ৰী সুমিত্ৰা পাতিৰৰ পৰিয়ালৰ সদস্যসকলক ?

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল সোণোৱাল চৰকাৰ দুৰ্নীতিত নিমজ্জিত : দুৰ্নীতিবিৰোধী যুৱ-শক্তি

কাৰণ সেইসকল ব্যক্তিৰ ওপৰতো আছিল ৰাকেশ পালৰ পৰা এ পি এছ চি চাকৰি ক্ৰয় কৰাৰ গুৰুতৰ অভিযোগ । আনহাতে, উজনি অসমত সংঘটিত হোৱা কয়লা ছিণ্ডিকেটৰ তদন্ত কিয় আজি থমকি ৰ'ল বুলি প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ৷ বিজেপি নেতা জড়িত থকাৰ বাবেই এই তদন্ত সামৰণি পৰিল নেকি বুলিও সংগঠনটোৰ প্ৰশ্ন বিজেপি চৰকাৰলৈ ।

ইয়াৰ উপৰি আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দলটোৰ বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ লৈ প্ৰচাৰ কৰিবলৈ যোৱা কাৰ্যক দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁলোকে স্পষ্ট ভাষাৰে সাধাৰণ পঞ্চায়ত নিৰ্বাচনটোৰ বাবে কোটি কোটি টকা ৰাজকোষৰ টকা অপব্যয় কৰাৰ অধিকাৰ কোনে দিছে বিজেপি চৰকাৰখনক প্ৰশ্ন কৰে ।

ইয়াৰ উপৰি পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবে যিমান পৰিমাণে এজন ৱাৰ্ড সদস্যক দলটোৱে টকা যোগান ধৰিছে, সেই টকা পুনৰ আহৰণ কৰাৰ বাবে যে নিৰ্বাচিত সদস্যসকলে দুৰ্নীতিত নিমজ্জিত হ'ব সেয়া সত্য বুলিও উল্লেখ কৰে । লগতে সংবাদ মেলতে সংগঠনটোৱে উভতি ধৰে বিজেপি দলটোৰ মুখপাত্ৰ বিজন মহাজনক ।

কাৰণ অধিবক্তাগৰাকীয়ে কেইদিনমানৰ আগতে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ আইন-শৃংখলা বিঘ্নিত হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল । সেই মন্তব্য প্ৰসঙ্গত ধৰ্মকান্ত গগৈয়ে কয় যে এজন অধিবক্তা হৈ ইমানবোৰ ভয়ংকৰ ঘটনা, বোমা বিস্ফোৰণ হৈ থকাৰ পাছতো আইন-শৃংখলা শান্ত হৈ আছে বুলি কোৱাটো অতি দুৰ্ভাগ্যজনক ।

কেৱল ক্ষমতা লাভৰ স্বাৰ্থতে অধিবক্তাগৰাকীয়ে দেখিও নেদেখাৰ ভাও ধৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ উপৰি তেওঁলোকে চৰকাৰখনলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে ধলা শদিয়াত ৫জন নিৰীহ ব্যক্তি হত্যা কৰাৰ ২২ দিনৰ পাছতহে কিয় উক্ত ঠাইলৈ তদন্তৰ বাবে 'নিয়া' আৰু ফৰেনচিক দল পঠিওৱা হৈছিল ।

সঁচাকৈয়ে গৃহ বিভাগে তদন্ত প্ৰক্রিয়াক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছেনে বুলিও সন্দেহ ব্যক্ত কৰে । ইয়াৰ উপৰি এই সংবাদমেলতে মঞ্চই কয় যে আলফাই এই ঘটনাৰ লগত জড়িত নহয় বুলি কোৱাৰ পাছতো আলফাকে এই ঘটনাৰ লগত জড়িত বুলি প্ৰশাসনে কৈ আহিছে । কিন্তু ঘটনা সংঘটিত হোৱা কেইদিনমানৰ পাছত সামাজিক মাধ্যমত মদন দত্ত নামৰ এজন ব্যক্তিয়ে ঘটনা সন্দৰ্ভত আদা বেপাৰী মন্ত্ৰী (হিমন্ত বিশ্ব শৰ্মা) আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন সমগ্ৰ ঘটনাৰ লগত জড়িত বুলি এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল ।

কিন্তু সেই মদন দত্তৰ বিস্ফোৰক পত্ৰখনৰ সন্দৰ্ভত অসম চৰকাৰৰ গৃহ বিভাগে কোনো তদন্তৰ ব্যৱস্থা নকৰিলে । সিয়ে তেওঁলোকৰ প্ৰশ্ন, সঁচাকৈ বাৰু প্ৰভাৱশালী মন্ত্ৰী হোৱাৰ বাবেই এইসকল ব্যক্তি আজি তদন্তৰ পৰা সাৰি গ'ল নেকি বুলিও দুৰ্নীতিবিৰোধী যুৱ-শক্তিয়ে গুৰুতৰ অভিযোগ আনে ৷

Your Comments