নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত গণ সত্যাগ্ৰহ কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত গণ সত্যাগ্ৰহ কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰ হায় হায়, জাতীয় নায়ক হায় হায়, আৰ এছ এছ মুর্দাবাদ ধ্বনিৰে উত্তাল গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখ ।

কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে ৭০টাকৈ জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ, বিৰোধিতা কৰি গ্ৰহণ কৰিছে গণ সত্যাগ্ৰহ কাৰ্যসূচী ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত গণ সত্যাগ্ৰহ কাৰ্যসূচী

পুৱা ১১ বজাৰ পৰা গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰীত এই গণ সত্যাগ্ৰহ কাৰ্যসূচী । কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সংগঠনসমূহৰ ভালেসংখ্যক প্রতিনিধিয়ে ।

উল্লেখ্য যে আজি দিল্লীত সংসদীয় যুটীয়া কমিটীয়ে বিধেয়কখন ডিচেম্বৰত সদনত উত্থাপন কৰা নকৰা বিষয় সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত গণ সত্যাগ্ৰহ কাৰ্যসূচী

তাৰ প্ৰাক্‌-মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদী কাৰ্যসূচী ।

কেৱল গুৱাহাটী মহানগৰীতে নহয়, আজি সমগ্ৰ ৰাজ্যতে আজি এই গণ সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছে ৭০টাকৈ জাতীয় সংগঠনে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত গণ সত্যাগ্ৰহ কাৰ্যসূচী

সকলোৰে দাবী- নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল হ'ব লাগে ।

Your Comments