২৯ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱ

২৯ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সোণালী জয়ন্তী বর্ষৰ লগত সংগতি ৰাখি অহা ২৯ আৰু ৩০ নৱেম্বৰত আয়োজন কৰা হৈছে জোনাকী চলচ্চিত্ৰ মহোৎসৱ ।

প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা বিভাগে আয়োজন কৰা এই চলচ্চিত্ৰ মহোৎসৱখন অনুষ্ঠিত কৰা হ'ব বিশ্ববিদ্যালয়খনৰ ফণীধৰ বৰুৱা ছেমিনাৰ হলত । দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা চলচ্চিত্ৰ মহোৎসৱখনত সমাহাৰ ঘটিব উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন কথাছবি ।

২৯ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱ

ইয়াৰ উপৰি এই অনুষ্ঠানত ছবি নিৰ্মাণ সম্পৰ্কীয় এখন আলোচনা-চক্ৰও অনুষ্ঠিত হ'ব । উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ভাষাৰ ছবিসমূহক এখন মঞ্চ দিয়াৰ বাবে অনুষ্ঠিত কৰা চলচ্চিত্ৰ মহোৎসৱক লৈ এতিয়া বিশ্ববিদ্যালয়খনত দেখিব পোৱা গৈছে এক আনন্দমুখৰ পৰিবেশ ।

ইফালে এই চলচ্চিত্ৰ মহোৎসৱৰ সামৰণিৰ দিনা উপস্থিত থাকিব নৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । তাকে লৈ এতিয়া কৃষ্ণচূড়াৰ নগৰীত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি ।

Your Comments