আজি কটনত অসমৰ তিনি শিল্পীৰ সৈতে বাউল সাধক ফকিৰ সাধন দৰবেশৰ বাউল সংগীতানুষ্ঠান

কটনত অসমৰ তিনি শিল্পীৰ সৈতে বাউল সাধক ফকিৰ সাধন দৰবেশৰ বাউল সংগীতানুষ্ঠান

কলকাতাৰ বাউল সাধক ফকিৰ সাধন দৰবেশসহ ১১জন বাউল সাধকে আজি সন্ধিয়া কটন বিশ্ব বিদ্যালয়ৰ ছুডমাৰ্চন হলত পৰিবেশন কৰিব বাউল সংগীত ।

তাৰ প্ৰাক্‌-মুহূৰ্তত কলকাতাৰ পৰা অহা বাউলসাধকসকলে বাউল সংগীত প্রদর্শন কৰে গুৱাহাটী প্ৰেছ ক্লাবত ।

উল্লেখ্য যে উক্ত বাউল দলটোত আছে অসমৰ তিনি সন্তান ক্ৰমে নগাঁৱৰ মহামায়া, নলবাৰীৰ মাধুৰ্য আৰু বোকাখাতৰ তৰ্পন ।

কটনত অসমৰ তিনি শিল্পীৰ সৈতে বাউল সাধক ফকিৰ সাধন দৰবেশৰ বাউল সংগীতানুষ্ঠান

এই শিল্পীসকলে আজি সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত পৰিবেশন কৰিব বাউল সংগীত ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব জুবিন গাৰ্গ ।

উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত ব্যতিক্ৰম মাছড' নামৰ অনা-চৰকাৰী সংস্থাটোৱে আয়োজন কৰিছে এই সমগ্ৰ অনুষ্ঠানটো।

উল্লেখ্য যে দেওবাৰ দিনা এই বাউল দলটোৱে বাউল প্ৰদৰ্শন কৰে নলবাৰীৰ ৰাসত ৷ এই কথা জানিবলৈ দিয়ে বাউল দলটোৱে । 

Your Comments