তিৱা সংগীত শিল্পী নন্দীৰাম দেউৰীলৈ ৰুদ্ৰ বৰুৱা বঁটা

তিৱা সংগীত শিল্পী নন্দীৰাম দেউৰীলৈ ৰুদ্ৰ বৰুৱা বঁটা

গীতিকাৰ, সুৰকাৰ, পৰিচালক তথা সু অভিনেতা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ আজি জন্মদিন । "পকাধানৰ মাজে মাজে" গীতৰ পৰা ''কাউৰী পৰে" গীতলৈ স্ৰষ্টা গণশিল্পীজনৰ জন্মদিনৰ দিনা আয়োজন কৰা হয় এখন বিশেষ সংবাদমেল ।

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা সোঁৱৰণি ন্যাসে আয়োজন কৰে উক্ত সংবাদমেল । সংবাদমেলত উপস্থিত থাকে স্বপ্ননীল বৰুৱা আৰু নৱনীল বৰুৱা আৰু জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাস । সংবাদমেল সম্বোধন কৰি অভিনেত্ৰী চেতনা দাসে ৰুদ্ৰ বৰুৱাৰ সান্নিধ্যই যে তেওঁক আজি এই পৰ্যায়লৈ উন্নীত কৰিছে সেই কথা জানিবলৈ দিয়ে ।

ইয়াৰ উপৰি বৰ্তমান সময়ত সংগীত নাটক একাডেমী বঁটা পোৱা বেছিসংখ্যক ব্যক্তিয়েই এটা সময়ত তেওঁৰ সান্নিধ্যত কাম কৰা বুলিও উল্লেখ কৰে । সংবাদমেলত ৰুদ্ৰ বৰুৱাৰ পত্নীয়ে স্বামী স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ আশা মনত পুহি ৰাখিছে বুলিও অৱগত কৰে । তাৰবাবে তেওঁ ইতিমধ্যে কিছু টকা সাঁচি ৰাখিছে বুলিও উল্লেখ কৰে ।

কিন্তু মূৰ্তি স্থাপন কৰাৰ বাবে উপযুক্ত ঠাইৰ অভাৱ বুলি তেওঁ আক্ষেপেৰে জানিবলৈ দিয়ে । এই ক্ষেত্ৰত তেওঁ অসমবাসী ৰাইজ আৰু চৰকাৰ সঁহাৰি বিচাৰে । ৰুদ্ৰ বৰুৱা সোঁৱৰণি ন্যাসৰ ফালৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে ৰুদ্ৰ বৰুৱাৰ নামত বঁটা প্ৰদান কৰাৰ কথাও জানিবলৈ দিয়ে । আজি ঘোষণা কৰা প্ৰথম বৰ্ষৰ বঁটা প্ৰদান কৰিব তিৱা সংগীতক নতুন মাত্ৰা প্ৰদান কৰা শিল্পী নদীৰাম দেউৰীক ।

উক্ত বঁটাত ২৫ হাজাৰ টকা, মানপত্ৰ আৰু এখন স্মাৰক থাকিব বুলিও জানিবলৈ দিয়ে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা সোঁৱৰণি ন্যাসে । অভিনেত্ৰী চেতনা দাসে গণশিল্পীগৰাকীৰ বিষয়ে কৰ্মশালাৰ জৰিয়তে নতুন প্ৰজন্মৰ আগত তুলি ধৰিব লাগেও বুলিও প্ৰস্তাৱ আগবঢ়ায় ।

ইফালে নৱনীল বৰুৱাই কয় যে ৰুদ্ৰ বৰুৱা এজন এনেকুৱা মানুহ আছিল, তেওঁ নিজক সৃষ্টি কৰাতকৈ আনক সৃষ্টি কৰাৰ ওপৰতহে বেছি গুৰুত্ব দিছিল । যিয়ে নেকি তেওঁক অন্য শিল্পীসকলৰ পৰা পৃথক কৰি ৰাখিছে ।

ইয়াৰ উপৰি গাঁও অঞ্চলৰ পৰা যুৱক-যুৱতীসকলক মাতি আনি তেওঁ সংগীতৰ শিক্ষা দিয়াৰ ব্যৱস্থাও কৰিছিল বুলি উল্লেখ কৰে ।

Your Comments