পঞ্চায়ত নিৰ্বাচনত অগপৰ বিৰুদ্ধে অগ্নি বৰষাৰ হুংকাৰ হিমন্তৰ

s

"নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মাত মতাৰ নৈতিক অধিকাৰ নাই অসম গণ পৰিষদ দলৰ ৷" এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে সোমবাৰৰ পৰা তেওঁ বিজেপি দলৰ হৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত নামিব ।

আনহাতে, শেহতীয়াভাৱে অসমৰ যুৱপ্ৰজন্মই আলফাত যোগদান সন্দৰ্ভতো তীৰ্যক মন্তব্য কৰে বাকপটু হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে যদি পৰেশ বৰুৱা আলফাৰ পৰা ঘূৰি আহে নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপি চৰকাৰে উঠাই ল'ব ৷

a

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে আলফালৈ ল'ৰা যোৱা নাই, একাংশ সংবাদ মাধ্যমৰ প্ৰৰোচনামূলক উচটনিৰ বাবেহে গৈছে বুলি শ্লেষাত্মক মন্তব্য কৰে ।

ইয়াৰ উপৰি সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে মিত্ৰতাৰ স্বাৰ্থত যদি আগতে অগপ দলৰ বিৰুদ্ধে কথা কোৱা নাছিল কিন্তু পঞ্চায়ত নিৰ্বাচনত যিহেতু মিত্ৰতা নহ'ল সেইবাবেহে কাইলৈৰ পৰা অগপৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ অভিযানত যুদ্ধংদেহাভাৱে নামি পৰিব ৷

Your Comments