নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিসহ ৭০টা সংগঠনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা 

a

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিসহ ৰাজ্যৰ ৭০টাকৈ জাতীয় সংগঠনে চলাই অহা ধাৰাবাহিক আন্দোলন চলি থকাৰ সময়তে আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত জাতীয় সংগঠনকেইটাই সম্বোধন কৰে এক সংবাদ মেল । উক্ত সংবাদ মেলত উপস্থিত থাকে কৃষক নেতা অখিল গগৈসহ জাতীয় সংগঠনসমূহৰ প্রতিনিধিবৰ্গ ।

সংবাদ মেল সম্বোধন কৰি কৃষক নেতা অখিল গগৈসহ জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ যি সংগ্ৰাম চলি আছে সেই সংগ্রাম অনাগত দিনবোৰতো যেতিয়ালৈকে এই বিধেয়ক বাতিল নহ'ব তেতিয়ালৈকে চলি থাকিব বুলি জানিবলৈ দিয়ে ।তেওঁলোকে আজি সংবাদ মেলৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁলোকৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সেই হিচাপে ২৬ নৱেম্বৰ সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হ' ব গণ সত্যাগ্ৰহ কাৰ্যসূচী । ২৬ নৱেম্বৰত হ'ব তিনিচুকীয়া, শিৱসাগৰ, নগাঁও, গোৱালপাৰাত ।

২৭নৱেম্বৰত ধেমাজি, ডিব্ৰুগড়,  যোৰহাট, সোণাৰি, গোলাঘাট, মৰিগাঁও, বৰপেটা, ওদালগুৰি, বঙাইগাঁও, কামৰূপ, ধুবুৰী, কাছাৰ আৰু ২৮ নৱেম্বৰত হোজাই জিলাত গ্ৰহণ কৰিব গণ সত্যাগ্ৰহ কাৰ্যসূচী।  ইয়াৰ উপৰি কৃষক নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে ২৮ নৱেম্বৰৰ দিনা ৭০ সংগঠনে কৃষক মুক্তি সংগ্রাম সমিতিৰ কাৰ্যালয়ত সাংবাদিক, লেখক, বুদ্ধিজীৱী, সাহিত্যিকৰ সৈতে মিলিত হ'ব এখন আলোচনা-চক্ৰত। উক্ত আলোচনা-চক্ৰখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে ।

ইয়াৰ পৰৱৰ্তী সময়ত ৭০ সংগঠনৰ প্ৰতিনিধি সহিতে অসমৰ সর্বসাধৰণ ৰাইজৰ সহযোগত ডিচেম্বৰপ প্ৰথম সপ্তাহৰ পৰা দিল্লীত গ্ৰহণ কৰিব বিধেয়ক বাতিলৰ দাবীত আমৰণ অনশনৰ কাৰ্যসূচী ।লগতে এই সংবাদ মেলৰ জড়িয়তে কৃষক নেতাগৰাকীয়ে এইবুলিও কয় যে যিসকল নাগৰিকে এই আমৰণ অনশনত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে সোমবাৰৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাৰ বাবেও আহ্বান জনায় ।

ইয়াৰ উপৰি কৃষক নেতাগৰাকীয়ে এই সংবাদ মেলৰ জৰিয়তে বিজেপি আৰু আৰ এছ এছক তীব্ৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয় যে বিজেপি আৰু আৰ এছ এছ মিলি দেশখন ধ্বংস কৰাৰ এক কুটিল অভিসন্ধি ৰচনা কৰিছে । ইফালে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেলৰ জড়িয়তে ৭০টা জাতীয় সংগঠনৰ সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা মটৰ চাইকেলসমূহৰ তেলৰ খৰচ কোনো ৰাষ্ট্ৰবিৰোধী চক্ৰই যোগান ধৰিছিল বুলি কৰা অভিযোগৰ ওপৰত কৃষক নেতাগৰাকীয়ে কয় যে বৰ্তমান সময়ত যদি দেশত ভয়ংকৰ ৰাষ্ট্ৰবিৰোধী কিবা শক্তি আছে সেয়া হ'ল বিজেপি আৰু আৰ এছ এছ ।

তেওঁ লগতে যদি মটৰচাইকেলত তেল ভৰাবলৈ তেওঁলোকে টকা দিছিল তেন্তে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিব লাগে বুলিও সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে । আনহাতে, অগপ আৰু বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভতো কৃষক নেতাগৰাকীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰে । তেওঁ কয় যে অগপ আৰু বিজেপিয়ে যদিও মিত্ৰতা কৰা নাই বুলি সংবাদ মাধ্যমত ডাঙৰ ডাঙৰকে কৈ আছে গোপনে ভিতৰি যে দল দুটাৰ মাজত মিত্ৰতা আছে সেইটোত কোনো সন্দেহ নাই ।

আনহে নালাগে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈ আইনত পৰিণত হ'লেও যে অগপই বিজেপিৰ লগ যে নেৰে সেইটো সত্য বুলিও কৃষক নেতাগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ উপৰি কৃষক নেতাগৰাকীয়ে মন্দিৰসমূহত হৈ থকা ধাৰাবাহিক চুৰিকাণ্ড সন্দৰ্ভত কয় যে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ বাবে বিজেপি আৰু আৰ এছ এছৰ ছত্ৰছায়াতে চুৰিকাৰ্যসমূহ সংঘটিত হৈ আছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

এই সংবাদ মেলৰ জৰিয়তে কৃষক নেতাগৰাকীয়ে এন আৰ চি উন্নীতকৰণৰ সন্দৰ্ভত বিজেপি আৰু আৰ এছ এছে মিলি এন আৰ চি প্ৰক্ৰিয়াত কেনেকৈ অস্থিৰতা আনিব পাৰি তাক লৈও চেষ্টা চলাই আছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে।

Your Comments