২৭ নৱেম্বৰৰ দিনাই নিৰ্ণয় হ'ব অসমৰ ভৱিষ্যৎ : অখিল গগৈ

a

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত কৃষক নেতা অখিল গগৈ সংবাদমেল । সংবাদমেলত বিজেপি আৰু আৰ এছ এছক তীব্ৰ সমালোচনা কৃষক নেতা গৰাকীয়ে । কৃষক নেতাগৰাকীয়ে সংবাদ মেল পাতি কয় যে অহা ২৭ নৱেম্বৰ দিনাই নিৰ্ণয় হ'ব অসমৰ ভবিষ্যৎ । কাৰণ উক্ত দিনা দিল্লীত আলোচনাত বহিব বিধেয়কখন সংসদত গৃহীত কৰা নকৰাকলৈ সংসদীয় যুটীয়া সমিতিয়ে গুৰুত্বপূৰ্ণ বৈঠকত আৰু সেই দিনাই নিৰ্ধাৰিত অসমৰ ভবিষ্যৎ বুলিও মন্তব্য কৰে ।

ইয়াৰ উপৰিও কৃষক নেতা গৰাকীয়ে কয় যে বিজেপি আৰু আৰ এছ এছয়ে যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰাৰ বাবে বদ্ধ পৰিসৰ হৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বিজেপি আৰু আৰ এছ এছক সমালোচনা কৰি কৃষক নেতা গৰাকীয়ে কয় যে বিজেপি আৰু আৰ এছ এছয়ে মিলি সাংঘাতিক সাংবিধানিক বিপদৰ দিশে লৈ গৈছে অসমক বুলিও মন্তব্য কৰে । ৬খন দেশৰ হিন্দু নাগৰিকত্ব প্ৰদান কৰি ভয়াৱহ বিপদৰ ফালে লৈ গৈছে অসমক বুলিও মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে ।

সংবাদ মেলত কৃষক নেতাগৰাকীয়ে লগতে কয় যে ৭০ সংগঠন আৰু অসমবাসী ৰাইজে বিজপি আৰু আৰ এছ এছৰ এই জাতি ধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে যি সবল প্ৰতিবাদ সাবস্ত কৰিছে এই প্ৰতিবাদ আগন্তক দিনবোৰটো কৰি যাব লাগে বুলি আহ্বান জনাই সংবাদ মেলৰ জৰিয়তে । ইয়াৰ উপৰিও তেওঁ কয় যে এইকেইদিন সকলো অসমীয়াই মুঠতে এই বিলৰ বিৰুদ্ধে সকলো সামাজিক মাধ্যমতে যুটীয়া সংসদীয় সমিতিৰ চকুত পৰাকৈ লিখি প্ৰতিবাদ জনাব লাগে বুলিও উল্লেখ কৰে ।

৭০ সংগঠনে লগ হৈ যি সংগ্ৰাম চলাই আছে সেই সংগ্ৰাম অনাগত দিনবোৰত চলি থাকিব বুলিও জানিবলৈ দিয়ে । ইফালে নাগৰিকত্ব সংশোধনী বিলৰ বাবে গঠিত হোৱা সংসদীয় যুটীয়া সমিতি ৩০ জন সদস্য ১৬জনেই এই বিধেয়কৰ প্ৰতি সমৰ্থন জনাইছে । ইয়াৰ ভিতৰত অসমৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰমেন ডেকাও আছে । ইফালে কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই সমৰ্থন কৰা নাই যদিও দলটোৰ সাংসদ সুস্মিতা দেৱ কিন্তু এতিয়া নিজৰ স্থিতি স্পষ্ট কৰা নাই বিলখনৰ সন্দৰ্ভত ।

লগতে কৃষক নেতা গৰাকীয়ে কয় যে ৰাজ্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল কুম্ভকৰ্ণ নিদ্ৰাত আছে বুলিও উল্লেখ কৰে । আলফাৰ প্ৰতি নৱপ্ৰজন্মক আকৃষ্ট কৰাৰ বাবে মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা জগৰীয়া বুলিও মন্তব্য কৰে ।

Your Comments