গুৱাহাটীত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা গাঞ্জা জব্দ, দুজনক গ্ৰেপ্তাৰ

গুৱাহাটীত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা গাঞ্জা জব্দ

আজি পুৱা ৭ বজাত পল্টন বজাৰ ৰে'ল ষ্টেচনত এক গোপন সূত্ৰ পম খেদি জি পি আৰ এছে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত তালাচী চলায় ৷

তালাচীৰ সময়ত ৰে'লখনৰ ৪নং দবাৰ পৰা ১৫ কেজি ওজনৰ গাঞ্জা জব্দ কৰে ৷

জব্দকৃত গাঞ্জাখিনি ডিমাপুৰৰ পৰা দিল্লীলৈ নিবৰ বাবে অনা হৈছিল ৷

এছ কে ৰাংগ আৰু কুলুৱা মাৰাম চাগাংবাম নামৰ লোক দুজনে গাঞ্জাখিনি আনিছিল ৷

জি পি আৰ এছে গাঞ্জাখিনি জব্দ কৰাৰ লগতে লোক দুজনকো গ্ৰেপ্তাৰ কৰে ৷

প্ৰাপ্ত খবৰ মতে, জি পি আৰ এছে এই সম্পৰ্কত এটা গোচৰ পঞ্জীয়ন কৰিব তদন্ত আৰম্ভ কৰে ৷ 

Your Comments