২৮ নৱেম্বৰৰ পৰা ব্ৰহ্মুপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

২৮ নৱেম্বৰৰ পৰা ব্ৰহ্মুপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

পাঁচটা বছৰৰ সফল পৰিক্ৰমাৰ পাছত ষষ্ঠবাৰৰ বাবে অহা ২৮ নৱেম্বৰ পৰা ১ ডিচেম্বৰলৈ ৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল । গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ কেন্দ্ৰত অনুষ্ঠিত হ'বলগা এইবাৰৰ ফিল্ম ফেষ্টিভেলত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে পয়োভৰ ঘটিব ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভিন্ন ভাষাৰ ছবি ।

উক্ত অনুষ্ঠানত উপস্থিত থাকিব জনপ্ৰিয় অভিনেতা বুমন ইৰাণী, চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক ৰাজেশ মাপোশকাৰ । উল্লেখ্য যে এইবাৰ এই ফিল্ম ফেষ্টিভেলত ছবি প্ৰদর্শনৰ লগতে অনুষ্ঠিত হ'ব মত-বিনিময় অনুষ্ঠান, বিশেষ চলচ্চিত্ৰ কুইজ প্ৰতিযোগিতা ।

ইয়াৰ উপৰি এইবাৰ ফিল্ম ফেষ্টিভেলৰ লগত সংগতি ৰাখি এখন চুটি ছবি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । ইয়াৰ বাবে ইতিমধ্যে ৩০০খনতকৈও অধিক চুটি ছবিয়ে অংশগ্ৰহণ কৰা বুলিও জানিবলৈ দিছে আয়োজক সমিতিয়ে ।

তেওঁলোকে লগতে জানিবলৈ দিয়ে যে অংশগ্ৰহণকাৰী ৩০০ ছবিৰ পৰা শ্ৰেষ্ঠ ১৫খন ছবি এই ফেষ্টিভেলত প্ৰদৰ্শন কৰা হ'ব ৷ ইয়াৰ উপৰি শীৰ্ষ তিনিটা স্থান দখল কৰা ছবি নিৰ্মাতাক ২ লাখতকৈ অধিক মূল্যৰ পুৰস্কাৰৰ লগতে বঁটা আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে আয়োজকসকলে ।

চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ ফিল্ম ফেষ্টিভেলত প্রদর্শন হ'বলগা ছবিসমূহ হৈছে নাগালেণ্ডৰ "নানি তেৰি মৰণি", অসমৰ "বৰনদী ভটীয়াই" আদি উল্লেখযোগ্য । ফিল্ম ফেষ্টিভেলৰ আৰম্ভণি ঘটিব "স্প্ৰিং থাণ্ডাৰ" নামৰ ছবিখনেৰে ।

উল্লেখ্য যে পূৰ্ব বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা পুলক গগৈক ১ ডিচেম্বৰত জীৱনজোৰা সাধনা বঁটা আগবঢ়াব ।

ইয়াৰ উপৰি সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী উপস্থিত থাকিব বুলিও আজি এক সংবাদমেলযোগে আয়োজকসকলে জানিবলৈ দিয়ে । চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগা এই ফিল্ম ফেষ্টিভেলৰ প্ৰৱেশ বিনামূলীয়া হ'ব ৷

Your Comments