অসমৰ বিদূষী মহিলা প্ৰয়াত অন্নদা গোঁহাইৰ নামেৰে অষ্টেলিয়াৰ বিশ্ববিখ্যাত ‘দ্য ইউনিভাৰচিটি অৱ নিউ ছাউথ ৱেলছ’ৰ এটা থিয়েটাৰৰ নামকৰণ

 A

 

নিউজ ডেস্ক:

অসমৰ  বিদূষী মহিলা প্ৰয়াত অন্নদা গোঁহাইৰ নামেৰে অষ্ট্ৰেলিয়াৰ বিশ্ববিখ্যাত ‘দ্য ইউনিভাৰচিটি অৱ নিউ ছাউথ ৱেলছ’ৰ এটা থিয়েটাৰৰ নামকৰণ কৰা হৈছে৷গুৰুত্বপূৰ্ণ কথা এই যে, ‘দ্য ইউনিভাৰচিটি অৱ নিউ ছাউথ ৱেলছ’ৰ লেক্সাৰ থিয়েটাৰ G60 (Lecture Theater G06 inside the CLB)ৰ নতুন নাম হ’ব অন্নদা গোঁহাই থিয়েটাৰ। বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনে ১৭টা ভৱন-থিয়েটাৰৰ নাম সলনি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী বিদূষী মহিলাৰ নামেৰে কৰাৰ সিদ্ধান্ত লৈছে। সেই ১৭ গৰাকীৰ মাজত স্থান লাভ কৰিছে অসমৰ অন্নদা গোঁহায়ে। উল্লেখ্য যে,এই বিশ্ববিদ্যালয়খনৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লোৱাৰ উপৰিও ১৯৫৯ চনত এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ লৈছিল স্নাতকোত্তৰ ডিগ্ৰী। ‘দ্য ইউনিভাৰচিটি অৱ নিউ ছাউথ ৱেলছ’ৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছিল তেওঁ। অন্নদা গোঁহাইৰ গৱেষণাৰ বিষয় আছিল- Production of High Quality Orange Juice Concentrate। অষ্ট্ৰেলিয়াৰ  পৰা উভতি আহি অন্নদা গোঁহায়ে অসমত কৃষি বিভাগত কৰিছিল চাকৰি। ১৯৮৭ চনত তেওঁ অৱসৰ লৈছিল কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক পদৰ পৰা।  ২০১১ চনত মৃত্যু হোৱা অন্নদা গোঁহাই প্ৰয়াত মহেন্দ্ৰ নাথ গোঁহাইৰ কন্যা। বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোঁহাইৰ জ্যেষ্ঠ ভগ্নী প্ৰয়াত অন্নদা গোঁহাই।

Your Comments