ৰাইজৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে "মেডিশ্বে'ড"ত আয়োজন বিনামূলীয়া শ্ৰৱণ পৰীক্ষা শিবিৰ

A

B

নিউজ ডেস্ক:

সমগ্ৰ বিশ্বতে ৩ মাৰ্চৰ দিনটো 'world hearing day' অৰ্থাৎ বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰা হয়।

C

২০০৭ চনৰ পৰাই WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থ্যাই কাণ আৰু শ্ৰৱণ শক্তিৰ সজাগতা বঢ়াবৰ বাবে প্ৰতি বছৰেই বিভিন্ন কাৰ্য্যসূচীৰে এই দিৱস পালন কৰি আহিছে।

 

C

ইয়াৰ লগত সংগতি ৰাখি গুৱাহাটীৰ চান্দমাৰি স্হিত মেডিশ্বে'ড চিকিৎসা প্ৰতিস্থান খনে ৰাইজৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে আয়োজন কৰিছে বিনামূলীয়া শ্ৰৱণ শিবিৰ (Free Hearing Camp)  ইয়াৰ প্ৰধান
 লক্ষ্য হৈছে কোনো লোকে যদিহে  কাণেৰে কম শুনে তেনে হ'লে উক্ত শিবিৰত উপস্হিত  থাকি বিনামূলীয়াকৈ কাণৰ পৰীক্ষাৰ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব পাৰিব ।

D

উল্লেখ্য যে মেডিশ্বে'ড চিকিৎসা প্ৰতিস্থান খন ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা প্ৰায় সকলো বিভাগৰ অভিজ্ঞ সম্পন্ন চিকিৎসকৰ উপস্হিতিত ৰাইজৰ সেৱা আগবঢ়াই আছে।

Your Comments