গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰীত গুলিচালনা;চিকিৎসালয়ত মৃত্যু গুলিবিদ্ধ অৱদেশ যাদৱ

A

নিউজ ডেস্ক:

ক্ৰমাৎ নিৰাপত্তাহীনতাত গুৱাহাটী মহানগৰবাসী।সোমবাৰে সন্ধিয়া ভয়ংকৰ গুলিচালনাৰ ঘটনা গুৱাহাটীৰ ছাত্ৰীবাৰী ফায়াৰব্ৰিগেড পথত। প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই গুলিচালনা ঘটনা।বাইকত অহা দুই দুৰ্বৃত্তই গুলিয়াই থৈ যায় এগৰাকী ব্যক্তিক।গুলিবিদ্ধ ব্যক্তি গৰাকীৰ নাম অৱদেশ যাদৱ।গোপাল মেনশ্বন নামৰ অপাৰ্টমেণ্টৰ তৃতীয় মহলাত আছিল যাদৱ।গুৰুতৰভাৱে আহত অৱদেশ যাদৱক ওচৰতে থকা মাৰোৱাৰী মেটাৰনিটি হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা ১০বজাত চিকিৎসালয়তে মৃত্যু হয়।উল্লেখ্য যে এখন ৰঙা ৰঙৰ পালচাৰ ১৫০ মটৰ চাইকেলত আহিছিল দুৰ্বৃত্তৰ দলটো।গুলিচালনা কৰি মটৰ চাইকেলখন ঘটনাস্থলীতে পেলাই থৈ যায়।লগতে এটা মোবাইল ফোন এৰি গৈছে।দুৰ্বৃত্তই এৰি থৈ যোৱা মটৰ চাইকেলখনৰ নম্বৰ এ.এছ ০১ডি- ৪০৩৩।
গুৰুত্বপূৰ্ণ কথা এই যে ,পুলিচ ৰিজাৰ্ভৰ প্ৰায় সমীপতে সংঘটিত হৈছে এই ঘটনাটো।অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো কিদৰে দুৰ্বৃত্তৰ দলে সংঘটিত কৰিব পাৰিলে এই গুলিচালনা ঘটনা সেইয়া ডাঙৰ ৰহস্য।
ইফালে আৰক্ষীয়ে জব্দ কৰিছে মটৰ চাইকেলখন।কি কাৰণত কোনে এই ঘটনা সংঘটিত কৰিলে সেই কথা বৰ্তমানো পোহৰলৈ অহা নাই।আৰক্ষীৰ তদন্তত প্ৰকৃত কাৰণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

Your Comments