উলুবাৰীত আৰক্ষীৰ পোচাকত ৬জনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস, পঢ়ক

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা।  ।উলুবাৰী হাফিজ নগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাটো।আৰক্ষীৰ পোছাকত আহিছিল ডকাইতৰ দলটো।ডকাইতি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভিত।প্ৰাপ্ত খবৰ অনুসৰি শুক্ৰবাৰে নিশা প্ৰায় ১১.৫০বজাত সংঘটিত হৈছে এই ঘটনা।আৰক্ষীৰ পোছাক পিন্ধি নিজকে আৰক্ষীৰ পৰিচয়েৰে লুট-পাট চলায় দুৰ্বৃত্তৰ দলটোৱে।৬জনীয়া দলটোৱে উলুবাৰীৰ হাফিজ নগৰৰ নিবাসী মতি কুমাৰীৰ ঘৰত বলপূৰ্বক ভাবে প্ৰৱেশ কৰি লুটপাত চলায়।গৃহস্থই দুৱাৰ খুলি নিদিয়াত খিৰিকী ভাঙি লুটি লৈ যায় ম'বাইল।লগতে দাবী ধমকিৰে ওচৰৰ কেইবাটাও ঘৰত ত্ৰাসৰ সৃষ্টি কৰে।দুৰ্বৃত্তৰ দলটোৰ চাল-চলন স্পষ্ট ভাৱে চিচিটিভিত বন্দী হৈছে।

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে শণিবাৰে পল্টনবজাৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰে।বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Your Comments