দিছপুৰ কলেজৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

A

নিউজ ডেস্ক:

সৰস্বতী পূজাৰ আনন্দৰ মাজতেই মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড।শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩৬ বজাত মহানগৰীৰ দিছপুৰ কলেজৰ সমীপত সংঘটিত হয় অগ্নিকাণ্ডটো।এটা অসম আৰ্হিৰ ঘৰৰ লগতে এটা গুদামত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ।উল্লেখ্য যে এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মিভূত হয় বাসগৃহৰ লগতে গুদামটো।অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে অগ্নিকাণ্ড সংঘটিত হোৱা খবৰ পোৱা মাত্রকে অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খনকৈ বাহন ঘটনাথলীত উপস্থিত হয়।বহুসময় ধৰি চলোৱা আপ্ৰাণ চেষ্টাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।ইফালে কিহৰ পৰা জুইৰ সূত্ৰপাত হয় তাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।

Your Comments