গুৱাহাটীৰ বামুনীমৈদামত কনিষ্ঠ ভাতৃয়ে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

A

 

B

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত নৃশংস হত্যাকাণ্ড।ভাতৃ জিন্টু দাসে ৰডেৰে মৰিয়াই হত্যা কৰে জ্যেষ্ঠ ভাতৃ কমল দাসক।বামুনীমৈদাম কুশল নগৰত সংঘটিত এই হত্যাকাণ্ড।

খবৰ অনুসৰি হত্যাকাৰী জিন্টু ড্ৰাগছ আসক্ত আছিল।জ্যেষ্ঠ ভাতৃক হত্যা কৰিয়েই জিন্টুৱে পলায়ন কৰে।নিশা শুই থকাৰ অৱস্থাতে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।চান্দমাৰি আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে দুয়োৰে মাজত দীৰ্ঘদিনৰ পৰা সংঘাত আছিল।দেওবাৰে নিশা ঘটনা সংঘটিতৰ সময়ত দুয়ো ঘৰত অকলে আছিল।

Your Comments