১৯০৫ চনত প্রকাশিত 'A Short History of Calcutta' (কলিকতাৰ চমু ইতিহাস) নামৰ গ্রন্থখনত লেখক এ. কে. ৰয়ে কলিকতা মহানগৰীৰ বিভিন্ন বাট-পথ, পুখুৰী, চাৰিচুকীয়া ঠাই ইত্যাদিৰ এখন সর্বাত্মক তালিকা দিয়াৰ ওপৰিও সেই ঠাইবোৰৰ নামৰ উৎপত্তি কেনেকৈ হ’ল তাকো উল্লেখ কৰিছে । পৃষ্ঠাবোৰ চকু ফুৰাই থাকোতে দেখা গ'ল, উনবিংশ শতিকাত কলিকতাৰ সৰহ সংখ্যক বাট-পথৰ নামকৰণ কৰা হৈছিল ব্রিটিছ ৰাজপৰিয়ালৰ সদস্য, ব্রিটিছ ইণ্ডিয়াৰ লাট চাহাব, পৌৰ নিগমৰ অধ্যক্ষ বা আন বিশিষ্ট ইউৰোপীয়ানসকলৰ নামেৰে (যেনেকৈ ফার্চী ভাষাৰ পণ্ডিত আৰু প্রখ্যাত ভূগোলবিদ মিষ্টাৰ ব্লখমেনৰ নামেৰে 'ব্লখমেন ষ্ট্রীট')।
আনহাতে এনে বহু বাট-পথো আছিল যাৰ নামকৰণ হৈছিল দর্জী, ভৃত্য, মিস্ত্রী বা দপ্তৰীৰ দৰে সচৰাচৰ সমাজৰ নিম্ন স্তৰৰ লোকৰ নামেৰে । উদাহৰণস্বৰূপে 'বুধু অস্তাগোৰ আলি' আৰু 'গুলু অস্তাগোৰ আলি'ৰ নামকৰণ কৰা হৈছিল দুজন দর্জীৰ নামেৰে । ঠিক তেনেদৰে ‘নেমু খানচামা’ আৰু ‘চুকু খানচমা’ দিয়া হৈছিল ইউৰুপীয়ান চাহাবসকলৰ ঘৰত কর্মৰত প্রধান ভৃত্যসকলৰ নামেৰে । 'চামা বাই আলি'য়ে নাম পাইছিল এগৰাকী বেশ্যাৰ পৰা, অখিল মিস্ত্রী আলিয়ে এজন কাঠ মিস্ত্রীৰ পৰা আৰু চিদাম মুদী আলিৰ নামকৰণ কৰা হৈছিল এজন পাচলি বেপাৰীৰ নামেৰে ।
'ৰফিক চেৰাং আলি'-টোৰ কাষত ৰফিক নামৰ জাহাজৰ ‘চেৰাং’ (নৌফুকনৰ তলত কর্মৰত বিষয়া) এজনৰ ঘৰ থকাত তেওঁৰ নামেৰে পথটোৰ নামকৰণ কৰা হৈছিল । এইটো কথা তাৎপর্যজনক কাৰণ একে সময়তে লাহোৰ, বম্বে’, মাদ্রাচ, হাইদৰাবাদ, লক্ষ্ণৌ আদি প্ৰধান চহৰবোৰৰ বাট-পথ, বাণিজ্যিক কেন্দ্ৰ আদি নামকৰণ কৰা হৈছিল নৱাব, নিজাম বা স্থানীয় অভিজাত শ্রেণীৰ লোকৰ নামেৰেহে । তদুপৰি দেখা যায়, সমাজৰ বাছকবনীয়া অংশই নগন্য বুলি ভবা বৃত্তি বা পেছাৰ সৈতে জড়িত ব্যক্তিসকল কিন্তু কোনোবা এটা এলেকাৰ এজন সন্মানজনক বাসিন্দা ।
শতাব্দীটোৰ শেহৰ পিনে কলিকতা চহৰখনৰ ৰেহ-ৰূপ সলনি হোৱাৰ লগতে জনগাঁথনিলৈও এক অভাৱনীয় পৰিৱর্তন আহিল । অবিভক্ত বংগ প্রদেশৰ বিভিন্ন ঠাই যেনে – অসম, বিহাৰ, ওৰিষ্যা, নাডিয়া, খুলনা, ঢাকা আদি ঠাইৰ পৰা জীৱিকাৰ সন্ধানত অহা নানা লোকৰ সমাগম ঘটাত কলিকতাই ‘cosmopolitan city’ৰ মর্য্যদা পাবলৈ বাট প্রায় মুকলি হৈছিল । কিন্তু ইয়াৰ লগতে পূর্বে উল্লেখিত কিছু বৃত্তি লাহে লাহে নাইকিয়া হৈ গ’ল আৰু সেইবোৰৰ সৈতে জড়িত ব্যক্তিসকলো পাহৰণিৰ গর্ভলৈ গতি কৰিলে।
আলিবোৰৰ নামো সলনি হ’ল আৰু ১৮৭৭ চনৰ পিছৰ পৰা পৌৰ নিগমে বিশিষ্ট স্থানীয় ব্যক্তিসকলৰ নামেৰেহে বাট-পথবোৰৰ নামকৰণ কৰাৰ সিদ্ধান্ত ল’লে । জীৱিত তেনে বহু লোকলৈ অনুৰোধ-পত্রও পঠোৱা হ’ল । পূর্বতে মেলেৰিয়াৰ ভয়ত আৰু অস্বাস্থ্যকৰ পৰিবেশ দেখি চহৰখনৰ পৰা আঁতৰত বসবাস কৰা জমিদাৰ, কেৰানী, নৈব্ আৰু জাহাজলৈ কুলিৰ যোগান ধৰা প্রতিপত্তিশীল ব্যৱসায়ীয়ে এই পদক্ষেপৰ প্ৰতি প্রসন্নচিত্তে সন্মতি জনালে । ইয়াৰ লগে লগে কলিকতা, গোবিন্দপুৰ আৰু সুতানুটি নামৰ তিনিখন গাঁৱৰ যি অৱশেষ আছিলগৈ সেয়াও নিঃশেষ হৈ গ’ল ।
পঢ়ি থাকোঁতে মোৰ মনত পৰিছিল, পুৰণি দিল্লীৰ (পূর্বতে মোগল সাম্রাজ্যৰ ৰাজধানী ছাহজাহানাবাদ) গলি, 'কাট্রা' আৰু 'কুছা'-বোৰলৈ। উদাহৰণস্বৰূপে, কুছা চাখিয়াই নাম পাইছিল পিয়াঁহত হাবাথুৰি খাই থকা যাত্রীক আকৃষ্ট কৰিবলৈ জমা মছজিদৰ সন্মুখত কাঁহৰ বাটি বজাই (waterskin বা পানী ৰখা পাত্রৰ সৈতে) ৰৈ থকা মহিলাগোটৰ পৰা ।
আজি কেইবছৰমান আগতে বন্ধু কেইজনমানৰ সৈতে উর্দ্দু আৰু ফার্চী ভাষাৰ বিদ্বান মীর্জা গালিবৰ 'হাভেলি' বা কুটীৰ চাবলৈ গৈছিলো । যাওঁতে ‘নাট’ কা কাট্রা’ নামৰ এলেকা এটাৰ মাজেদি গৈছিলো । জোতাৰ দোকানী এজনক সোধোঁতে গম পালো যে নামটো মোগল ৰাজত্বৰ সময়ত তাত বসবাস কৰা roadside gymnast (কোস্তি খেলুৱৈ) সকলৰ পৰা অহা । আমি যেতিয়া গালিবৰ উর্দ্দু আৰু ফার্চী 'দিৱানৰ' স্মৃতি বহন কৰা গলি কাছিমজানত সোমাইছিলো তেতিয়া এনে লাগিছিল যেন ১৮৫৭ চনৰ চিপাহী বিদ্রোহে জুৰুলা কৰা এটা এলেকাতহে সোমাইছো ।
বিভিন্ন ঠাইৰ পৰা বিদ্রোহী আহিছে, সম্রাট জাফৰক পুতলা ৰজা পাতি এফালৰ পৰা ‘কাফিৰ’ সকলক হত্যা কৰি গৈছে । যিমানেই দিন বাগৰিছে সিমানেই তেওঁলোকৰ অত্যাচাৰৰ সীমা চেৰাই গৈছে । মুকলি হাতেৰে স্বাগতম জনোৱা চাঁন্দনী চকৰ বাসিন্দাসকলকো তেওঁলোকে এৰা নাই । চকুৰ আগতে দিল্লীৰ এনে স্খলন দেখি গালিব মানসিকভাৱে ভাগি পৰিছিল ।
কলমৰ পৰা ওলাইছিল বিষাদৰ কবিতা । গলি কাছিমজানৰ এই কুটীৰতে লিখিছিল এনে বহুটো চিঠি যিয়ে ১৮৫৭ চনৰ বিদ্রোহে ৰাঙলী কৰা পতনশীল দিল্লী এখনৰ প্রতিচ্ছবি দাঙি ধৰিছে । এই কুটীৰ বর্ত্তমান যাদুঘৰ ৰূপে গঢ়ি তোলা হৈছে । তালৈ গ’লে পঢ়িবলৈ পাব গালিবৰ কেইটামান বিখ্যাত উক্তি, অমৰ সৃষ্টিসমূহৰ কিছু অংশ৷ এটা সময়ত ৰাজহুৱা প্ৰসাৱগাৰলৈ পৰিণত হোৱা কুটীৰটো ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰিছিল প্ৰখ্যাত চিত্ৰ নিৰ্মাতা আৰু গীতিকাৰ গোলজাৰে ৷
পুৰণি দিল্লীৰ এনে বহু লুংলুঙীয়া বাট-পথ যেনে – গলি কাছিমজান, গলি কাবাবিয়ান,পাৰাঠে ৱালে গলিৰ এক নিজস্ব charm বা সন্মোহিত কৰিব পৰা গুণ আছে । পাৰোতে নো বাটকটীয়া উর্দ্দু কবি, আজীৱন দিল্লী প্রেমিক মিৰ তাকি মিৰে লিখিছিল – “Kochey nahin dilli ke/ auraaq-e-musawwir hain/ Jo shakl nazar ayi/ tasveer nazar aayi (এয়া দিল্লীৰ গলি নহয়/ এজন চিত্রশিল্পীৰ তুলিকাহে/ মই দেখা প্রত্যেক দৃশ্যই যেন এক সুন্দৰ ছবি)। এই গলিকেইটা দিল্লীৰ উত্থান পতনৰ ‘silent witness’ বা নীৰৱ সাক্ষী ।
প্ৰয়াত কুমুদেশ্বৰ হাজৰিকাই তেওঁৰ ‘ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী’ নামৰ গ্রন্থখনত উত্তৰ পূবৰ প্রৱেশদ্বাৰ গুৱাহাটী মহানগৰৰ ন-পুৰণি কেইবাটাও বাট-পথৰ ইতিহাস দাঙি ধৰিছে । পথবোৰৰ নামৰ উৎপত্তি লৈ ঘটা কিছু আমোদজনক ঘটনাৰ উল্লেখো তাত আছে যিবোৰৰ বর্ণনাই পাঠকসকলক স্মৃতিমেদুৰতাত বুৰাই ৰাখিব পাৰে ।
এই ধৰক একালৰ ষ্ট্রেন্ড ৰ’ড বা এতিয়াৰ মহাত্মা গান্ধী পথ । এই ষ্ট্রেন্ড ৰ’ড প্রাচীন প্রাগজ্যোতিষপুৰক আধুনিক গুৱাহাটীৰ সৈতে সংযোগ কৰা এক সেতু । নদীৰ পাৰে পাৰে গতি কৰা পথ বাবে উক্ত নাম পাইছিল । ষ্ট্রেন্ড ৰ’ডৰ কাষে কাষে বিভিন্ন সময়ত প্রতিষ্ঠিত হৈছিল আহোম, মোগল আৰু ব্রিটিছসকলৰ শাসন ব্যৱস্থা । শৰাইঘাটৰ ৰণ, হৰদত্ত-বীৰদত্তৰ মৃত্যুদণ্ড, মহাত্মা গান্ধীৰ উপস্থিতিত ফুকন হাউলিৰ পদূলিমুখত বিদেশী বস্ত্র বর্জন, ব্রিটিছ সাম্রাজ্যবাদক প্রত্যাহ্বান জনোৱাৰ নিমিত্তে জনদিয়েক নৈৰজ্যবাদীৰ দ্বাৰা গুৱাহাটী ক্লাব ভস্মিভূত, অসম উপত্যকাৰ প্রথমখন মহাবিদ্যালয় কটন কলেজ স্থাপন, ঐতিহাসিক বৰদলৈ ট্রফীৰ আৰম্ভণি আৰু প্রথম মঞ্চ বিহু পৰিবেশনৰ দৰে ইতিহাস প্রসিদ্ধ ঘটনাৰ সাক্ষী এই ষ্ট্রেন্ড ৰ’ড ।
আহোমৰ শেষ ৰাজধানী যোৰহাটটো কেইবাটাও ইতিহাস প্রসিদ্ধ লুংলুঙীয়া বাট-পথ আৰু আহল-বহল আলি আছে । এই প্রসঙ্গত গড় আলি, ন-আলি, চেউনী আলি (এ টি ৰ’ড), কমাৰবন্ধা আলি (জেল ৰ’ড), চোলাধৰা পথ, বাবু আলি (জগন্নাথ বৰুৱা পথ), ফাঁচি আলি আদিৰ নাম উল্লেখযোগ্য ।
জে.বি. কলেজৰ সন্মুখেৰে যিটো পথ নতুন আৱৰ্ত ভৱন ওলাইছেগৈ, তাক এটা সময়ত বৰপাত্র আলি নামেৰে জনা গৈছিল। এই পথটোৰ কাষতেই বৰপাত্র গোঁহাই এজনৰ কুটীৰ আছিল। অলপতে তেওঁৰ বংশধৰ এজন মই লগ পাইছিলোঁ ৷ মানৰ আক্ৰমণৰ সময়ত তেওঁলোকৰ বেছিভাগ সদস্য গোলাঘাটলৈ পলাই গৈছিল ৷ দুই-এঘৰে সৰুচৰাই বাগিছাৰ ওচৰত বসতি স্থাপন কৰিছিল ৷ বৰপাত্ৰ গোহাঁইৰ জীয়ৰী এগৰাকীক মানে ধৰি-বান্ধি বাৰ্মা ৰাজ্য পোৱাইছিলগৈ গৈছিল ৷
তেওঁৰে আজো-নাতি এজনে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিটিৰ বিচাৰি যোৰহাট পাইছিলহি ৷ উনবিংশ শতাব্দীৰ শেহৰ পিনে উজনি অসমৰ প্রথম স্নাতক জগন্নাথ বৰুৱাই তেওঁৰ পৰা মাটি-বাৰী কিনি লোৱাৰ পাছত এই পথটোৰ নাম হয়গৈ বাবু আলি । পথটোৰ কাষতেই বিখ্যাত কছাৰী ময়দান । স্বাধীনতা সংগ্রামৰ সময়ত কেইবাখনো গুৰুত্বপূর্ণ সভা এই ময়দানতে বহিছিল । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত উদ্দাত্ত ভাষণ দি পিছলৈ সাংসদ হিচাপে সুনাম অর্জন কৰা হেম বৰুৱাই এই ময়দানতে সক্রিয় ৰাজনৈতিক জীৱনৰ সূচনা কৰিছিল ।
দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ১৯৪২ চনৰ পৰা ১৯৪৬ চনলৈ কছাৰী ময়দানটো মিত্ৰবাহিনীৰ সৈন্যই অধিগ্ৰহণ কৰিছিল । ইয়াৰ গাতে লাগি আছে এন. এচ. চি. এ. ষ্টেডিয়াম । বন বিষয়া পি. বি. ষ্ট্রেচিৰ পৰিকল্পনা মতে আৰু চাহ খেতিয়ক শশী প্রশাদ বৰুৱাৰ নিৰলস প্ৰচেষ্টাৰ ফলত গঢ় লৈ উঠা অসমৰ এইখন প্রথম আধুনিক খেলপথাৰ । বি.এ. বার্নেটে হেনো খেলপথাৰখন দেখি কৈছিল – ‘My beautiful Old Trafford’ বুলি । এই খেলপথাৰতে যোৰহাটৰ দর্শকে দেখিবলৈ পাইছিল চি.কে.নাইডু, মুচতাক আলি, গিবছ, লক্সটন, ফ্রেঙ্ক ৱৰেল, গেৰি চবার্ছ, ৱেছ হল, জাহিৰ আব্বাচ, কপিল দেৱ আৰু ইমৰান খানৰ দৰে বিশ্ব ক্রিকেটৰ বিস্ময়কৰ প্রতিভা ৷ এই খেলপথাৰতে অনুশীলন চলাইছিল আমাৰ এম.পি. বৰুৱাই ( প্ৰয়াত মাধুৰ্য প্ৰসাদ বৰুৱা) ।
কচুৰি গলি বজাৰখন এখন বহু চর্চিত বজাৰ । ভাদ মাহ, বিহু আৰু পূজাৰ সময়ত এই বজাৰলৈ শিৱসাগৰ, বোকাখাত, গোলাঘাট, দেৰগাওঁ আদি ঠাইৰ পৰা মানুহ আহে । এই কচুৰি গলিৰো এক ইতিহাস আছে । শুনামতে ৭০ৰ দশকত স্থাপিত পাৰিখ হোটেল আৰু মহাৰাজ হোটেলৰ বিখ্যাত কচুৰীয়ে এই পথচোৱাৰ নামকৰণত অৰিহনা যোগালে । কিন্তু তাৰ আগতে এই পথচোৱাক বিভিন্ন নামেৰে জনা গৈছিল ।
ৰাজা চক্রৱর্তীদেৱে তেখেতৰ “যোৰহাটৰ উত্তৰণত কিছু ব্যৱসায়িক প্রতিষ্ঠান” নামৰ প্রবন্ধটোত এই বিষয়ে বিতংভাবে লিখিছে । এতিয়াৰ যিটো কচুৰি গলি, সেই গলিটো হেনো এটা সময়ত বালিবাট আৰু চেউনী আলিক সংলগ্ন কৰা এটা নলাহে আছিল । অন্য বাটেৰে যোৱা নিষিদ্ধ আছিল বাবে হৰিজনসকলে এই নলাটোৰ কাষেৰে অহা যোৱা কৰিছিল । মোৰ মনত পৰিছিল সর্বাইবন্ধাৰ কৃষ্ণনাথ শর্মালৈ ।
১৯৩৪ চনত তৃতীয়বাৰ অসমলৈ আঁহোতে মহাত্মা গান্ধীৰ হতুৱাই কৃষ্ণ শর্মাই নিজৰ গোঁসাই ঘৰ হৰিজনসকললৈ মুকলি কৰি দিছিল । ইয়াকেলৈ তেওঁ বিভিন্নজনৰ ককর্থনা শুনিব লগা হৈছিল । সমাজে এঘৰীয়া কৰাৰ ফলত নানা দুখ-কষ্ট, যন্ত্রণা ভুগিও প্রয়াত শর্মাই অস্পৃশ্যতাৰ বিৰুদ্ধে যি এক আন্দোলনৰ সূচনা কৰি থৈ গ’ল সেয়া অসমৰ সমাজ জীৱনৰ এক বিৰল অধ্যায় । কচুৰি গলিক এটা সময়ত মণিৰাম দেৱান পথ নামেৰেও জনা গৈছিল । ৰাষ্ট্রদ্রোহৰ ৰোষত পৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক হেনো ফাঁচি দিবলৈ এই পথেৰেই শিকলি বান্ধি লৈ যোৱা হৈছিল ।
পথটোৰ পৰা অলপ দূৰত অৱস্থিত বৰগোলাৰ পকীঘৰটো । ১৮৪০ চনত ৰাজপুতানাৰ পৰা অহা সাগৰমল বৈদে প্রতিষ্ঠা কৰা এই পকীঘৰটো সাজিবলৈ ব্যৱহাৰ কৰা হৈছিল আহোম ৰজাৰ ৰাজকাৰেঙৰ বাবে আনি থোৱা ইটা ।
১৮৩৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুৰন্দৰ সিংহৰ ৰাজ্য গ্রাস কৰাৰ ফলত ৰাজকাৰেং অসমাপ্ত অৱস্থাতেই থাকিল আৰু চেপেতা, আহল-বহল ইটাবোৰ ৰাজমাও পুখুৰীৰ পাৰত বহু দিন পৰি আছিল (যোৰহাট ২০০) ৷
এই কচুৰি গলি লাগিছেগৈ বালিবাটত । বালিবাটতে (নিউ বালিবাট) আছে মণিৰাম দেৱানৰ ঘনিষ্ঠ সহযোগী, দেশদ্রোহৰ অপৰাধত নির্বাসন ভোগা বাহাদুৰ গাওঁবুঢ়াৰ কবৰ। বিভাজনৰ পাছত নিৰ্ঘাত সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ৰক্ষা কৰা খান বাহাদুৰ কেৰামত আলি আৰু তেওঁৰ সুযোগ্য পুত্র প্ৰখ্যাত আৰক্ষী বিষয়া (Imperial Police Serviceৰ প্রথম আৰু হয়টো একমাত্র অসমীয়া বিষয়া) ইমদাদ আলিৰ স্মৃতি এই বালিবাটে ধৰি ৰাখিছে। ইমদাদ আলি বিদেশলৈ ৰাষ্ট্রদূত হিচাপে যোৱা (য়েমেন দেশলৈ) আৰু ৰাষ্ট্রপতিৰ Aide de Camp (ADC) হোৱা প্রথম আৰক্ষী বিষয়া।
এজন সাহসী বিষয়া হিচাপে তেখেতে খ্যাতি অর্জন কৰিছিল। C.R.P.F. অলৈ বৈপ্লৱিক পৰিৱর্তন অনা ইমদাদ আলিৰ এক বিখ্যাত উক্তি হৈছে - “The best way to control a communal riot is not to allow it to happen in the first place. There is no use fighting a communal riot after it has occurred.” (কোনো সাম্প্রদ্রায়িক সংঘর্ষ হ’বলৈ নিদিয়াটোৱে সাম্প্রদ্রায়িকতাক দমন কৰাৰ সর্বোত্তম উপায় । এবাৰ সাম্প্রদ্রায়িক সংঘর্ষ হোৱাৰ পাছত তাৰ সৈতে যুঁজি একো লাভ নাই)। গুজৰাটত চাৰিবছৰ আই.জি. পি. হিচাপে কার্যনির্বাহ কৰি থকোতে তেখেতে সাহসিকতাৰ পৰিচয় দি থৈ গৈছে ।
কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম অসমীয়া 1st Class গ্ৰেজুৱেট আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ, আব্দুল মজিদৰ জন্মস্থানো বালিবাটতেই ৷ পি.আৰ.টি গৰ্ডনৰ সৈতে মিলি মজিদ চাহাবে অসমীয়া ফকৰা-যোজনা ইংৰাজীলৈ তৰ্জমা কৰি কিতাপ এখন প্ৰকাশ কৰিছিল যিখন এতিয়া লুপ্তপ্ৰায় ৷ উল্লেখযোগ্য যে ১৮৮৮ চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে বিলাতলৈ যাওঁতে, তেওঁৰ লগৰী আছিল মজিদ চাহাব ৷ বিলাত গৈ পায়েই মজুমদাৰ বোলা এজনৰ সৈতে দুয়ো একেলগে আছিল (গান্ধীৰ দিনলিপিত উল্লেখ আছে)৷
যোৰহাটৰ আন দুটা উল্লেখযোগ্য পথ হ’ল দেৱীচৰণ বৰুৱা কলেজ পথ বা কে. কে. বৰুৱা পথ আৰু তাৰ পৰা ফালৰি কাটি কমাৰবন্ধা আলিত লগ লগা নাজিৰ আলি। এই এলেকাতে বেদান্ত বাস্পতি ৰাধানাথ ফুকন আৰু পণ্ডিতপ্রবৰ কৃষ্ণকান্ত সন্দিকৈৰ দৰে বিশ্ববৰণ্য পণ্ডিত, ৰায়বাহাদুৰ দেৱীচৰণ বৰুৱা, ৰায়বাহাদুৰ কৃষ্ণকুমাৰ বৰুৱা, ৰামেশ্বৰ শর্মা আৰু প্রসন্ন কুমাৰ বৰুৱাৰ দৰে বাটকটীয়া অসমীয়া চাহখেতিয়ক তথা দানবীৰ, নলিনী ফুকন আৰু অৰুণ গোস্বামীৰ দৰে শিক্ষাবিদৰ বাসস্থান ।
ওৰে জীৱন চিন্তাবিমুখ জাতিতোৰ বৌদ্ধিক উৎকৰ্ষ সাধন কৰিবলৈ যত্ন কৰা; আৰু লগতে বিজ্ঞানসন্মত গৱেষণাৰ যোগেদি সংস্কৃত কাব্য-দর্শনৰ ওপৰত আলোকপাত কৰি বিশ্বৰ পণ্ডিত মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা ৰাধানাথ ফুকন আৰু কৃষ্ণকান্ত সন্দিকৈয়ে প্রদান কৰা গাম্ভীর্যতা তাত এতিয়াও বিৰাজমান ।
বিবিধ বৃক্ষই আগুৰি থকা নাজিৰ আলিয়েদি গ’লে যেন এতিয়াও শুণা যায় অসমৰ কীটছ্ ৰূপে জনাজাত গণেশ গগৈৰ (১৯০৭-১৯৩৮) প্রতিধ্বনি । যক্ষ্ম ৰোগত ভুগি থকা গগৈক চাবলৈ যেতিয়া নাজিৰ আলিৰ দুমহলীয়া কাঠৰ ঘৰটোলৈ তেওঁৰ প্রেয়সী আহিছিল, গগৈয়ে এটুকুৰা কাগজত লিখি উলিয়াইছিল এটা কবিতা ৷ নাম ‘শেষ শয্যাত' –
“হেমন্তৰ হিমে ধোৱা লাজুকী ওৰণী টানি
আহিলা আজিনো তুমি কাক চাবলৈ ?
জীৱন প্রদীপ মোৰ এই মাৰ যায় যায়
নাই আৰু বেছি পৰ শেষ হ’বলৈ
চিৰব্যর্থ জীৱনত বিৰহৰ অভিমান
লাগিছিল মধুমেয় মিলন আশাত,
শেষৰ শয্যাত আজি দুর্লভ মাধুৰী পায়ো
কান্দিব খুজিছে প্রাণ কিহৰ ব্যথাত……
এই বাট-পথবোৰৰ ঐতিহাসিক তাৎপর্য্য যেন কেৱল পুৰোধা ব্যক্তিসকলৰ বাসস্থান থকাৰ বাবেহে আছে এনে নহয়। এখন জকাইচুকীয়া গাঁৱৰ পৰা নগৰ বা মহানগৰলৈ হোৱা উত্তৰণত এনে বাট-পথৰ যথেষ্ট অৰিহণা আছে ৷ তদুপৰি উত্থান-পতনৰৰো মৌন সাক্ষী এই বাট-পথবোৰ - ইতিহাসৰ সৰু-বৰ আলি ৷
দৈনন্দিন জীৱনত এনে বাট-পথেৰে হয়টো আমি বহুবাৰ অহা-যোৱা কৰিছো । প্রতিবাৰে লুংলুঙীয়া বাট-পথবোৰে যেন আমাক কিবা এষাৰ ক'বলৈ যত্ন কৰে ৷ কিন্তু যান্ত্রিকতাৰ দাস হৈ পৰা আমাৰ কাৰো ক্ষন্তেক সময় ৰৈ তাক শুনিবলৈ আহৰি নাই ।
অৱশ্যে আমি মনত ৰখা উচিত যে অতীতৰ স্বীকৃতিহে সমাজ উন্নয়নৰ পথ প্রদর্শক হ'ব পাৰে । এই লেখাটোৰ যোগেদি জিলা প্রশাসন আৰু ৰাজ্য চৰকাৰলৈ মোৰ বিনম্র অনুৰোধ - ঐতিহাসিক গুৰুত্ব থকা বাট-পথৰ কাষত তথ্য সম্বলিত একোখন ‘plaque’ৰ যাতে ব্যৱস্থা কৰি দিয়ে ।
- Log in to post comments
- 350 views