ঘগ্ৰাপাৰৰ আল্লিয়াত আজিও নিৰ্মাণ নহ'ল নোনা নৈৰ পকী দলং

Pic

*'আছু'ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৩ জুলাইঃ

নলবাৰী জিলাৰ লোক নিৰ্মাণ বিভাগ আৰু একাংশ দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বাবে ৰাইজে নৰক যন্ত্ৰণা ভুগি অহাৰ সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াত নোনা নৈৰ পকী দলঙৰ নিৰ্মাণকাৰ্য তিনি বছৰে আধৰুৱা হৈ থকাৰ প্ৰতিবাদত আজি স্থানীয় ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

আল্লিয়া চ'কৰ পৰা দ্বাৰকুছি লোক নিৰ্মাণ বিভাগ সংযোগী পথছোৱাৰ মিলন বজাৰৰ নোনা নৈৰ পকী দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত আজি আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক নীলোৎপল দাসৰ নেতৃত্বত এটি দলে উক্ত স্থানত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰি বৃহত্তৰ আল্লিয়া অঞ্চলৰ আকাশ -বতাহ বিভিন্ন ধ্বনিৰে মুখৰিত কৰি তোলে।উক্ত কাৰ্যসূচীত আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা অৰ্জুন দাস,জিলা ছাত্র সন্থাৰ উপ-সভাপতি কল্প ৰাজবংশী,সাংগঠনিক সম্পাদক মিলন দাস আদিয়ে অংশগ্ৰহণ কৰে। ইফালে, বিক্ষোভ কাৰ্য্যসূচীত ছাত্রকৰ্মীসকলে অসম চৰকাৰ হায় হায়, লোক নিৰ্মাণ (গড়কাপ্তানী) বিভাগ হায় হায়,মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,নোনা নৈৰ দলঙৰ নিৰ্মাণৰ কাম অতি শীঘ্রে সম্পূৰ্ণ কৰক,সদৌ অসম ছাত্র সন্থা জিন্দাবাদ আদি শ্লোগান দি বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

উল্লেখ‍্য যে প্ৰায় সাত কোটি টকা ব‍্যয় সাপেক্ষৰ পথছোৱাৰশ কুশল বেজৱৰুৱা নামৰ এজন ঠিকাদাৰে ২০১৯ চনৰ জানুৱাৰী মাহতে নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পিছতো আজি পৰ্যন্ত দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল।যাৰ বাবে অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে।বিক্ষোভ কাৰ্য্যসূচীত উপস্থিত থাকি আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা অৰ্জুন দাসে কয় যে ঠিকাদাৰ গৰাকীৰ হেমাহিৰ বাবে আঢ়ৈ বছৰটো দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাটো দুৰ্ভাগ্যজনক যাৰ পৰিপ্ৰেক্ষিতত উপপথ হিচাপে কাষত নিৰ্মাণ কৰা বাঁঁহৰ দলংখনো জৰাজীৰ্ণ অৱস্থাত আছে বুলি ছাত্ৰনেতাগৰাকীয়ে দোহাৰে। এই দলংখনেৰে অঞ্চলটোৰ ছাত্ৰ -ছাত্ৰী,পথচাৰী ৰাইজে বিপদসংকুল যাতায়ত কৰি আছে বুলি নেতাগৰাকীয়ে আঙুলিয়াই দিয়ে। লগতে তেওঁ ইয়াকো কয় যে আজি কিছুদিন পুৰ্বে উক্ত দলংখনৰ ওপৰৰ পৰা এজন বাইক আৰোহী নদীত বাগৰি পৰি কথমপি প্রাণ ৰক্ষা পৰে।

সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ সভাপতি কল্প ৰাজবংশীয়ে কাৰ্যসূচীত উপস্থিত থাকি অসম চৰকাৰ আৰু প্রশাসনক দলংখনৰ দায়িত্বত থকা ঠিকাদাৰগৰাকীক নাকী লগাবলৈ দাবী জনোৱাৰ লগতে দলংখনৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত ব্যৱস্থা ল'বলৈ দাবী জনায়।

Your Comments