ঘগ্ৰাপাৰত অসম নিউলী প্ৰ'ভিন্সিয়েলাইজড্ (২০১৩) প্ৰাথমিক (উচ্চ-নিম্ন) শিক্ষক-কৰ্মচাৰী সংস্থাৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন

Pic

*নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ বাবে চৰকাৰক দাবী*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১১ জুলাইঃ

সদৌ অসম নিউলী প্ৰ'ভিন্সিয়েলাইজড্ (২০১৩) প্ৰাথমিক (উচ্চ-নিম্ন) শিক্ষক- কৰ্মচাৰী সংস্থাৰ এখন গুৰুত্বপূৰ্ণ সভা আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুলত অনুষ্ঠিত কৰা হয়। সদৌ অসম নিউলী প্ৰ'ভিন্সিয়েলাইজড্ প্ৰাথমিক উচ্চ-নিম্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি কন্দৰ্পেশ্বৰ শৰ্মাই সভাখনৰ সভাপতিত্ব কৰে। ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা সভাখনত সংস্থাৰ মুখ্য উপদেষ্টা নগেন চন্দ্ৰ দাসে নিজৰ ভাষণত ২০১৩ চনতে প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন আঁচনিৰ (N.P.S)ৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি (O.P.S ) বাহাল ৰখাৰ বাবে চৰকাৰক আহ্বান জনায়।তেওঁ লগতে কয় য়ে ২০১৩ চনত যিসকল শিক্ষকক ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকিৰণ কৰি নিয়মীয়া দৰমহা দিয়া হ'ল, সেইসকল শিক্ষক-কৰ্মচাৰীয়ে অৱসৰৰ পিছত প্ৰায় ভিক্ষা খুজিব লগাৰ উপক্ৰম হোৱাটো সমাজ জীৱনৰ বাবে অতি মৰ্মান্তিক ঘটনা বুলি অভিহিত কৰে। সভাত মুখ্য সম্পাদক কমলেশ্বৰ তালুকদাৰে ভাষণত ১৯৯১/৯২/৯৩ চনতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তে অনুমতি/স্বীকৃতি লাভ কৰা শিক্ষানুষ্ঠাখনসমুহক দৰচলতে ২ বছৰ পিছতে প্ৰাদেশিকীকৰণ কৰি নিয়মীয়া দৰমহাৰ দিয়াত ব‍্যৱস্থা কৰিব লাগে।কিন্তু চৰকাৰৰ হেমাহিৰ কাৰণে বছৰ বছৰ ধৰি শিক্ষানুষ্ঠানসমুহ প্ৰাদেশিকীকৰণ নহ'ল বুলি মন্তব্য কৰে। প্ৰকৃতাৰ্থত এইসকল শিক্ষক-কৰ্মচাৰী ২০০৪ চনৰ পূৰ্বে বিভাগীয়ভাৱে অনুমোদিত কৰ্মচাৰী বুলি তেওঁ দাবী কৰে। মুখ্য সম্পাদক তালুকদাৰে ভাষণত ইয়াকো কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু ২০১৩ চনৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিক্ষক -কৰ্মচাৰীসকলৰ মুখত অকণমান হাঁহি বিৰিঙিছিল।কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে এইসকল শিক্ষক -কৰ্মচাৰীক এন.পি.এচৰ অধীনত ৰখা হ'ল,যিটো অতি ভয়ানক ব‍্যৱস্থা।এইসকল শিক্ষক-কৰ্মচাৰী প্ৰকৃতাৰ্থত এন.পি. এচ ৰ অধীনত যাবলগা নাছিল,কাৰণ এইসকল শিক্ষক-কৰ্মচাৰী ২০০৪ চনৰ আগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত। তালুকদাৰে নিজৰ ভাষণত কয় যে শেহতীয়া খবৰ মতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিসকল কৰ্মচাৰী ২০০৪ চনৰ আগতে নিৰ্বাচন (চিলেকচন) হৈছিল,কিন্তু তেওঁলোকক ২০০৪ চনৰ পিছত নিয়ুক্তি দিয়া হৈছিল,তেনে কৰ্মচাৰীকো OPSৰ অন্তৰ্ভূক্ত কৰিলে বুলি মন্তব্য কৰে।বৰ্তমান চৰকাৰখনে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পেঞ্চনৰ ব‍্যৱস্থা কৰিছে যদিও ২০১৩ চনৰ প্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমুহৰ যিসকল শিক্ষক-কৰ্মচাৰীয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে নিজৰ জমা ধনৰ পৰা মাত্ৰ ৬০০ টকাৰ পৰা ১২০০ টকা মাহেকত Annuity হিচাপে গ্ৰহণ কৰি আছে‌।এইসকল শিক্ষক-কৰ্মচাৰী সকলে চাকৰিকালত নিয়মীয়া দৰমহা পাই হঠাৎ অৱসৰৰ পিছত ৬০০/১২০০ টকা পাই পৰিয়াল পোহ-পাল দিয়াটো কিমান কঠিন,তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি বুলি সদৌ অসম নিউলী প্ৰ'ভিন্সিয়েলাইজড্ প্ৰাথমিক উচ্চ -নিম্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ মুখ্য সম্পাদক কমলেশ্বৰ তালুকদাৰে ক্ষোভ প্ৰকাশ কৰিছে। উক্ত সভাত কেবাটাও গুৰুত্ব প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও বৰ্তমান চৰকাৰখনক ২০১৩ চনত প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলৰ অনুমতি/স্বীকৃতিৰ পৰা চাকৰিকাল গণ্য কৰি পুৰণি পেঞ্চন আঁচনি (o.p.s) ৰ অন্তৰ্ভূক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে শিক্ষা বিভাগক দাবী জনায়। সভাত সংস্থাৰ বিষয়ববীয়া ক্ৰমে মাধৱ চন্দ্ৰ দাস,কালীপদ চৰকাৰ,আমজাদ হুছেইন,দেৱেন শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে।

Your Comments