লোহাৰঘাটত অবৈধ কাঠসহ ডিআই গাড়ী জব্দ

Pic

#নুৰুল ইছলাম,চানডুবি: পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাৰ মঙলবাৰে পুৱতি নিশা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী আৰু বৰদুুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ যৌথ অভিযানত অবৈধ কাঠ ভৰ্তি ডি আই বাহন এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে যোৱা নিশা গোপন সূত্ৰৰ পম খেদি ছাত্ৰ সন্থা আৰু বনকৰ্মীৰ দলটোৱে লোহাৰঘাট অভিমুখে গৈ থকা অৱস্থাত এ এচ-০১-০৫৪৩ নম্বৰৰ কাঠভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে, দলটোক দেখা মাত্ৰকে বাহনখনৰ চালকজন পলাই সাৰে ৷ ইতিমধ্যে প্ৰায় লাখ টকা মূল্যৰ কৰৈ কাঠসহ বাহনখন লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে ৷

Your Comments