হাজোত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত দুই দুৰ্ধৰ্ষ ডকাইত জিএমচিএইছত

Pic

বিশেষ প্ৰতিবেদক,হাজো:

তীৰ্থ নগৰী হাজোত ৭ জুলাইৰ পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হয় দুটাকৈ দুৰ্ধৰ্ষ ডকাইত।এই ঘটনাত সমগ্ৰ্ হাজো অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ থকা দুধৰ্ষ ডকাইত দুটা হ'ল ক্ৰমে হাজো আৰক্ষী থানাৰ অন্তৰ্গত শনিয়াদি মেলকীপাৰাৰ জাকিৰ আলী আৰু হাবলাখা গাঁৱৰ ফজল হক । জানিব পৰামতে দুধৰ্ষ ডকাইত জাকিৰ আৰু ফজল হকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু চোৰ ,এ টি এম চোৰৰ লগতে দিন দুপৰতে বেংক ডকাইতি কৰি আতংকৰ সৃষ্টি কৰি আহিছিল ।আৰক্ষী সূত্ৰে জনোৱা মতে,এই দুটা ডকাইতৰ বিৰুদ্ধে হাজোৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে যদিও আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ব কৰিব পৰা নাছিল ‌। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত ৬ জুলাইৰ নিশা কামৰূপ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু হাজো আৰক্ষী তথা চি আৰ পি এফ জোৱানৰ সহযোগত এক গোপন সূত্ৰৰ পমখেদি গৈ হাজো আৰক্ষী থানাৰ অন্তৰ্গত মেলকীপাৰাৰৰ পৰা জাকিৰ আলী আৰু হাবলাখাৰ পৰা ফজল হকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়।

Pic

ইফালে,ধৃত দুয়োটা ডকাইতক লগত লৈ ৭ জুলাইৰ পুৱাৰ ভাগত পুনৰ আন এটা ডকাইতৰ সন্ধানত ৰামদিয়া অঞ্চললৈ ৰাওনা হৈছিল আৰক্ষীৰ দলটো।কিন্তু তেনে সময়তে হাজোৰ চকামতলি নিৰ্জন ঠাইখন পোৱাৰ লগে লগে দুয়ো পলাবলৈ চেষ্টা কৰে।উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় আৰু দুয়োটা ডকাইতৰে ভৰিত গুলি লাগে।গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় দুয়োটা ডকাইত । লগে লগে আহত দুয়োটা ডকাইতকে হাজো সামূহিক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও অত্যধিক ৰক্তক্ষৰণ হোৱাত উন্নত চিকিৎসাৰ বাবে দুয়োটাকে জি এম চি এইছলৈ প্ৰেৰণ কৰে।

Your Comments