ঘগ্ৰাপাৰৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধান বিচাৰি ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ যুৱ-ছাত্ৰ পৰিষদৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে ঘগ্ৰাপাৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধান বিচাৰি ৩ জুলাইত ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে নলবাৰী জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। যুৱ-ছাত্ৰ পৰিষদৰ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ঘগ্ৰাপাৰ -তামুলপুৰ পথৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বলৈকে পথটো দুয়ো কাষৰ পানী নলাৰ আধাৰুৱা নিৰ্মাণ কাৰ্যৰ বাবে প্ৰতিদিনে পথচাৰীয়ে যি নৰক যন্ত্ৰণা ভুগি আহিছে,সেয়া শীঘ্ৰে সমাধান কৰা।উত্তৰ (ঘগ্ৰাপাৰ) বাঘমাৰা গাঁৱৰ অতি পুৰণি বিদ‍্যূৎ ট্ৰেন্সফৰ্মাৰৰ ঠাইত এটা উচ্চক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰ স্থাপন কৰা,ঘগ্ৰাপাৰ চ'কৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দক্ষিণ দিশত পথৰ কাষত যান-বাহন ৰখা বন্ধ কৰি স্থায়ীভাৱে যান-বাহন আস্থানৰ ব‍্যৱস্থা কৰা,ঘগ্ৰাপাৰ হাইৱে চ'কৰ দুয়ো কাষত ষ্ট্ৰীট লাইট স্থাপন কৰা আৰু ঘগ্ৰাপাৰ চ'কৰ মূল ঠাইত ৰাজহুৱা প্ৰস্ৰাৱগাৰ-শৌচাগাৰৰ ব‍্যৱস্থা কৰা আদি দাবী সম্বলিত এখন স্মাৰকপত্ৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক নৱজ‍্যেতি কলিতাসহ এটি দলে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে নলবাৰী জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে।

অতি সোনকালে সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্ত্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিকৰ সমূহ সদস্য উপস্থিত থাকে ।

Your Comments