বিধায়ক অখিল গগৈয়ে শিৱসাগৰত পৰিদৰ্শন কৰিলে ঐতিহাসিক কীৰ্তিচিহ্ন

Pic

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কাৰামুক্ত হোৱাৰ পিছত শুকুৰবাৰে গৃহ সমষ্টিত উপস্থিত হয়।শ শ শুভাকাংক্ষীৰ উষ্ম আদৰণিৰে সমষ্টিত পদাৰ্পণ কৰাৰ পিছত শনিবাৰে অখিল গগৈয়ে পৰিদৰ্শন কৰে শিৱসাগৰৰ বহুকেইটা ঐতিহাসিক স্থান।

Pic

বিধায়ক অখিল গগৈয়ে পুৱাই ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত প্ৰাতঃভ্ৰমণ কৰি পুখুৰীৰ পাৰ,ঐতিহাসিক শিৱদ'লৰ চৌহদ আৰু যমুনা জলাশয় পৰিদৰ্শন কৰি বৰ্তমানৰ অৱস্থাৰ বুজ লয়। তাৰ পিছতেই অখিল গগৈয়ে দিখৌ নদীৰ ওপৰত থকা কপিকলযুক্ত দলংখনৰো বৰ্তমান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছতে বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক জয়সাগৰ পুখুৰী।জয়সাগৰ পুখুৰীৰ পাৰত উপস্থিত হৈ তাত থকা জয়দৌল, দেৱীদৌল, ঘনশ্যাম মন্দিৰ আৰু ৰুদ্ৰ সিংহ উদ্যান পৰিদৰ্শন কৰে। তাৰ পিছত বিধায়ক অখিল গগৈ উপস্থিত হয় জয়মতী মৈদাম, হৰগৌৰী দেৱালয়ত। পৰিদৰ্শন কৰে ঐতিহাসিক তলাতল ঘৰ।

Pic

বিধায়কগৰাকীয়ে পৰিদৰ্শন কালত ঐতিহাসিক স্থানসমূহৰ বেদখল প্ৰত্যক্ষ কৰি উদ্বিগ্ন হৈ পৰে। ভৱিষ্যতৰ সময়ত ঐতিহাসিক কীৰ্তিচিহসমূহক লৈ বিধায়কগৰাকীৰ পৰিকল্পনা সম্পৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰে।

Your Comments