নলবাৰীৰ চান্দকুছিত কোভিড টীকাকৰণ শিবিৰ উদ্বোধন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

টীকাকৰণেই কোভিডৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। সেয়েহে  সকলোৱে স্বইচ্ছাই আগবাঢ়ি আহি ভেকচিন গ্ৰহণ কৰি অসম চৰকাৰৰ কোভিড টীকাকৰণৰ এই জনআন্দোলনক আৰু অধিক সফল কৰি তোলক। এই আহ্বান নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ।

৩ জুলাইত স্বেচ্ছাসেৱী সংগঠন RAISEDৰ উদ্যোগত আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি থকা টীকাকৰণ কেন্দ্ৰৰ অংশস্বৰূপে নলবাৰী সমষ্টিৰ চান্দকুছি গাওঁত আয়োজন কৰা টীকাকৰণ কেন্দ্ৰটোৰ শুভাৰম্ভণি কৰি বিধায়কগৰাকীয়ে এই আহ্বান জনায়।

অনুষ্ঠানটিত বিধায়কগৰাকীৰ লগতে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, স্বাস্থ্য বিভাগৰ নলবাৰী জিলাৰ যুটীয়া সঞ্চালক ডাঃ উমেশ ফাংচু,অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধীকে মুখ্য কৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

Your Comments