হাজোৰ বৰ্ণিত হিৰ'ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ:অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ

Pic

#বিশেষ প্ৰতিবেদক,হাজো,২ জুলাই:

সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰাৰ সময়তে কামৰূপ আৰক্ষীয়েও এই ক্ষেত্ৰত তীব্ৰতৰ অভিযান চলাই জিলাখনৰ বিভিন্ন ঠাইৰ পৰা জব্দ কৰিছে ড্ৰাগছৰ লগতে অনেক নিচাজাতীয় দ্ৰব্য। তেনে এক সময়তে হাজো আৰক্ষীয়ে পুনৰ নিচাজাতীয় সামগ্ৰীসহ দুই সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিত নিশা হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এজন নিষিদ্ধ হিৰ'ইন সৰবৰাহকাৰী যুৱকৰ লগতে তেওঁক ব্যৱসায়ত সহযোগ আগবঢ়োৱা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ।

Pic

হি'ৰইন সৰবৰাহকাৰী যুৱকজন হ'ল হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণি ন-পাৰা গাঁঁৱৰ ইছমাইল হুছেইন(৩০)আৰু ব্যৱসায়ত সহযোগ কৰা মহিলাগৰাকী হ'ল ইছমাইল হুছেইনৰ জেষ্ঠ ভাতৃ প্ৰয়াত মজিবৰ হুছেইনৰ পত্নী পাৰবিন বিবি চুলতানা (২৮)। উল্লেখযোগ্য যে আৰক্ষীৰ জালত পৰা এই দুই সৰবৰাহকাৰী সমন্ধত নবৌ আৰু দেওৰ বুলি জানিব পৰা গৈছে ।প্ৰাপ্ত অভিযোগ মতে ইছমাইলে তেওঁৰ এগৰাকী বন্ধুৰ লগত মিলি বিগত কেইমাহমানৰ পৰা হিৰ'ইনৰ ব্যৱসায় কৰি অঞ্চলটোৰ যুৱক সকলৰ জীৱন অন্ধকাৰৰ দিশে লৈ গৈ আছে । বৃহষ্পতিবাৰেও  ইছমাইলে জালুকবাৰীৰ পৰা ত্ৰিশ হাজাৰ টকাত দহ গ্ৰাম হিৰ'ইন ক্ৰয় কৰি আনি গাঁঁৱত বিক্ৰী কৰিবলৈ প্ৰস্তুতি চলোৱা কথা হাজো আৰক্ষীয়ে  এক গোপন সূত্ৰে জানিবলৈ পায় বৰ্ণি গাঁঁৱত অভিযান চলাইছিল ।  এই অভিযানত আৰক্ষীয়ে হিৰ'ইন ব্যৱসায়ী  ইছমাইল হুছেইন আৰু নবৌৱেক পাৰবিন বিবিক গ্ৰেপ্তাৰ কৰে।লগতে বৃহৎ পৰিমাণৰ হিৰ'ইনৰ লগতে কেইবাটাও খালী কন্টেইনাৰৰ বটল আৰু নগদ ৩৫ হাজাৰ টকা জব্দ কৰে। হাজো আৰক্ষীয়ে অভিযুক্ত দুয়োজনকে আজি জেল হাজোতলৈ প্ৰেৰন কৰে ।

Your Comments