ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত বংশৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকক সম্বৰ্ধনা 'আছু'ৰ

Pic

#মৃণাল ডেকা,শুৱালকুছি:

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি ১ জুলাইত পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই বংশৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক সম্বৰ্ধনা জনায় ৷মূলত: ক’ভিড চিকিৎসা সেৱাৰ সৈতে জড়িত প্ৰথম শ্ৰেণীৰ যোদ্ধাসকলক উৎসাহিত কৰাৰ বাবে বংশৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়া ডা: কনক কলিতাৰ লগতে স্বাস্থ্য কৰ্মীসকলক সম্বৰ্ধনা জনায় ৷

উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বংশৰ ভৃঙ্গেশ্বৰ হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান বৈশ্যই এই ক’ভিড মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ৰাইজক নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই থকা স্বাস্থ্য কৰ্মীসকলক এই পদক্ষেপে উৎসাহিত কৰিব বুলি কোৱাৰ লগতে চিকিৎসক,নাৰ্ছ তথা কৰ্মচাৰীসকলক উদ্দেশ্য কৰি ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছামূলক বক্তৃতা আগবঢ়ায়৷

কাৰ্য্যসূচীত উপস্থিত থাকে পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাস,উপ-সভাপতি বিকাংক দাস,কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তপন বৈশ্য,প্ৰাক্তন আছু নেতা বিশ্বজিত বৈশ্য।

Your Comments