নলবাৰীত আৰক্ষীয়ে গুলীবিদ্ধ কৰিলে তিনিটা কুখ্যাত ডকাইতক

Pic

*নলবাৰীৰ আৰক্ষীৰ সাহসিকতাক অভিনন্দন -বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ*

 #দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৪ জুনঃ

 নিশা নলবাৰীত প্ৰায় ১-৩০ বজাত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী৷নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোবাৰীৰ যুটীয়া অভিযান চলাই হাজো-নলবাৰী ৰোড  মুগকুছি চকত আৰক্ষীৰ সৈতে ডকাইটটৰ মুখামুখি হোৱাৰ পিছত আৰক্ষী আৰু ডকাইটৰ মাজত গুলীয়াগুলী হয়৷আৰক্ষীৰ গুলীত কুখ্যাত গৰু চোৰ,ড্ৰাগছ মফিয়া,এ টি এম চোৰ,ডকাইত আবু বক্কৰ ছিদ্দিক ওৰফে বক্কৰ,বিজু আহমেদ আৰু ৰুবুল হুছেইনক আৰক্ষীয়ে গুলীবিদ্ধ কৰি কৰায়ত্ত কৰে৷লগতে AS01BF6693 নম্বৰৰ বিলাসী বাহন জাইলো জব্দ কৰে৷

Pic

নিশা হাজো দিশৰ পৰা নলবাৰী অভিমুখে পাঁচজনীয়া ডকাইতৰ গেংটো আহি থকা সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত পূৰ্বৰ খাপ পিটি অৱশেষত তিনি দুধৰ্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷সম্প্ৰতি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আহত তিনি দূধৰ্ষ ডকাইতক চিকিৎসাধীন কৰি ৰাখিছে৷শেহতীয়াকৈ বিগত প্ৰায় ছয় মাহে নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰনি হৈ পৰা কুখ্যাত ডকাইত আবু বক্কৰ ছিদ্দিকক অৱশেষত নিশা নলবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

ইফালে,আজি নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই নলবাৰী সদৰ থানত উপস্থিত হৈ অভিযানকাৰী আৰক্ষীৰ দলটোক গামোচাৰে অভিনন্দন জ্ঞাপন কৰে।

Your Comments