হোজাইত চিকিৎসক-চিকিৎসা কৰ্মীৰ আক্ৰমণকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী নলবাৰী যুৱ-ছাত্ৰ পৰিষদৰ 

Pic

*জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান*


#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩জুনঃ

হোজাইৰ উদালী কোভিড চেন্টাৰত দুদিন পূৰ্বে এচাম দুৰ্বৃত্তই চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছে।লগতে,ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে। যুৱ-ছাত্র পৰিষদৰ, নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা, সাঃসম্পাদক কৌশিক বৰ্মন, উপদেষ্টা গৌতম কুমাৰ শৰ্মা, নিৰোদ দাস, যোগেশ কলিতা, যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতা, নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা, সাঃসম্পাদক হেমেন কলিতা, যুটীয়া সম্পাদক জিন্টুমণি কলিতা, বিত্ত সম্পাদক চাহিল মল্লিকৰ নেতৃত্বত এক সঁঁজাতি দলে নলবাৰী জিলাৰ নৱ-নিযুক্ত উপায়ুক্তক সাক্ষাৎ কৰে। হোজাইৰ উদালিত হোৱা নাৰকীয় ঘটনাৰ যাতে কোনোকালে পুনৰাবৃত্তি নহয়,তাৰ বাবে ৰাজ্য চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰ যোগে দাবী জনায় সংগঠনটোৱে।

Your Comments