পূব নলবাৰী ক'চিং চেণ্টাৰৰ দুৰ্দশাগ্ৰস্ত খেলুৱৈৰ কাষত ড: অৰ্চনা ভটাচাৰ্য্য

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩ মে':

বৰ্তমান সময়ত অসমত খেলুৱৈৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। বিশেষকৈ ক'ভিডৰ সময়ছোৱাত খেলুৱৈৰ দুৰ্দশা আৰু দুগুণে বৃদ্ধি পাইছে। বহুত খেলুৱৈয়ে এসাজ খাই এসাঁঁজ লঘোনে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠিক সেই সময়তে নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন পূব নলবাৰী ক'চিং চেণ্টাৰৰ অনুৰোধ মৰ্মে খেলুৱৈসকলক সহায় কৰাৰ মানসেৰে বহুকেইজন হৃদয়ৱান ব্যক্তি আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। এওঁলোকে খেলুৱৈসকলক কিছু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি খেলুৱৈসকলক সাহস আৰু প্ৰেৰণা দিছে।

Pic

এই কথা বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ হৈ থকাত আজি এই দুৰ্দশাগ্ৰস্ত খেলুৱৈৰ ওচৰত থিয় হৈছে যোৰহাট জিলাৰ  অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান "নৱকিৰণ মঞ্চ"ৰ সঞ্চালক তথা কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা, উপাধ্যক্ষ ড:অৰ্চনা ভটাচাৰ্য্য।তেওঁঁ আজি ক'চিং চেণ্টাৰৰ ৪০ জন দুখীয়া খেলুৱৈক কিছু খাদ্য-সামগ্ৰী যোগান ধৰাৰ বাবে অনুদান আগবঢ়ায়। সেইমৰ্মে চেণ্টাৰটোৰ বিষয়ববীয়াই আজি খেলুৱৈসকলৰ মাজত চাউল, ডাইল, মিঠাতেল, আলু, আটা, পিয়াঁঁজ, চয়াবিন, চাবোন, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে। খেলুৱৈসকলে এই অভাৱৰ দিনত সামগ্ৰীখিনি পাই উৎফুল্লিত হৈ পৰে। সম্পূৰ্ণ কভিড প্ৰট'কল মানি সামগ্ৰীসমূহ বিতৰণ কৰে কচিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস, কোষাধ্যক্ষ ভৱেশ ভড়ালীয়ে। ভট্টাচাৰ্য্যৰ মহানুভৱতাক ক'চিং চেণ্টাৰৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজে আন্তৰিকতাৰে শলাগ লৈছে।

Your Comments