বকোত বৃহস্পতিবাৰৰ সাপ্তাহিক বজাৰত কোভিড নীতি উলংঘা:বজাৰ বন্ধ কৰিলে আৰক্ষীয়ে

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস:

ক'ৰ'না মহামাৰীৰ পৰা নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাই ৰাজ্য চৰকাৰে জাৰি কৰিছে কোভিড প্ৰট'কলৰ নীতি-নিৰ্দেশনা।এই নীতি- নিৰ্দেশনা অনুসাৰে ৰাজহুৱা স্থানত জনসমাগম সৃষ্টি কৰিব নোৱাৰিব।ভিৰ কৰিব নোৱাৰিব পথত অথবা বজাৰত।এনে নীতি- নিৰ্দেশনা পালন কৰিবলৈ চৰকাৰীভাৱে অথবা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে বাৰম্বাৰ ৰাইজক জনাই আহিছে একাংশ  জনতাৰ কাণষাৰ নাই। আজিও কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ কিছু নিলগত অৱস্থিত বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰত জনসমাগম হয়। উল্লেখ্য যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে মুকলিভাৱে অনুষ্ঠিত হয় বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰ। উলংঘা হয় ক'ভিড নীতি- নিয়ম। বজাৰখনত অগণন ভিৰ হোৱা পৰিলক্ষিত হোৱাত আজি বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰায়ৰ তৎপৰতাত বজাৰখন লগে লগে বন্ধ কৰি দিয়া হয়।

 

Your Comments